নিউজ ডেস্ক, 13 অক্টোবৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃৰ বাসগৃহত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ গুজৰাট ভ্ৰমণত থকা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ ভ্ৰমণৰ দ্বিতীয়টো দিনত দেওবাৰে ৰাতিপুৱা গান্ধীনগৰৰ সমীপৱৰ্তী নিজা বাসভৱনত প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোডীক সাক্ষাৎ কৰে ৷
লগতে পঢ়কঃ ব্ৰেণ্ড ভেল্যু বৃদ্ধিৰে বিশ্বৰ সপ্তম স্থানত ভাৰত
ৰাষ্ট্ৰপতিৰ সৈতে এই ভ্ৰমণত সংগ দিয়ে তেওঁৰ পত্নী সবিতা কোবিন্দে ৷ প্ৰধানমন্ত্ৰীৰ মাতৃৰ সৈতে আধাঘন্টা সময় কটাই ৰাষ্ট্ৰপতি আৰু তেওঁৰ সহধৰ্মিনীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীৰ মাতৃক সাক্ষাৎ কৰি তেওঁৰ কুশল-বাৰ্তা লয় ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীয়ে ৷ হীৰাবেন মোডীৰ আশীৰ্বাদ লোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰি তাৰ পৰা বিদায় লয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তেওঁৰ পত্নী সবিতা কোবিন্দে ৷