ইন্দিৰা গান্ধী যদি ভাৰতীয় ৰাজনৈতিক চলচ্চিত্ৰৰ সবাতোকৈ মোহময়ী নায়িকা হয় ৷ মনমোহন সিং যদি ভাৰতীয় ৰাজনীতিৰ শ্ৰেষ্ঠ নায়ক হয় ৷ পি ভি নৰসিংঘ ৰাও যদি ভাৰতীয় ৰাজনৈতিক চলচ্চিত্ৰৰ অন্যতম চৰ্চিত চৰিত্ৰ হয়, তেনেহলে এই সকলো চিত্ৰনাট্যৰ প্ৰযোজক কিন্তু এজনেই ৷
প্ৰযোজকৰ ভূমিকা সামান্যতম দুৰ্বল হলেই কোনো চৰিত্ৰই সাৰ্থক ৰূপ লাভ নকৰে ৷ আৰু সেই প্ৰযোজকৰ আজি অৱসান হ‘ল ৷ ভাৰতীয় ৰাজনীতিয়ে হেৰুৱালে বৰ্তমানৰ চানক্যক ৷ দেহৱসান হ‘ল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ পৰিসমাপ্তি ঘটিল এক অভিনৱ কংগ্ৰেছী যুগৰ ৷
তেখেত প্ৰয়াত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ "নম্বৰ-2" আছিল ৷ প্ৰয়াত প্ৰধানমন্ত্ৰী নৰসিংস ৰাওৰ "নম্বৰ-2" আছিল ৷ সেই মানুহজনেই প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰো "নম্বৰ-2" হৈছিল ৷ সেই কাৰণেই হয়তো বহুতে তেখেতক ভাৰতীয় ৰাজনীতিৰ পাৰপিচুৱেল "নম্বৰ-2" বুলি আখ্যা দিব বিচাৰে ৷
পশ্চিম বংগৰ এক অখ্যাত গাঁৱৰ পৰা দেশৰ প্ৰথম নাগৰিক ৷ তদুপৰি তেখেত আছিল আলোচনাৰ কেন্দ্ৰ বিন্দু ৷ প্ৰধানমন্ত্ৰী হ‘ব নোৱাৰিলেও ভাৰতীয় সংবিধানৰ প্ৰধান নাগৰিক, দেশৰ সাংবিধানিক প্ৰধান হোৱাৰ সুযোগ লাভ কৰি তেখেত সক্ৰিয় হৈ উঠে ৷ কি ধৰণে তেখেত এই কাৰ্যত সফল হ‘ল, কেনেদৰে বিপুল ভোটত জয়লাভ কৰিলে সেই ইতিহাস নতুনকৈ আলোচনা কৰাৰ সময় এয়া নহয় ৷ কিন্তু তেখেত 'ইউৰ এক্সিলেঞ্চি' হোৱাৰ পাছতো কিদৰে অন্যসকলৰ পৰা পৃথক হৈ উঠিল সেয়া হয়তো আজিৰ দিনত প্ৰধান বিচাৰ্য বিষয় ৷
প্ৰণৱ মুখাৰ্জীৰ জীৱন সেয়ে এক কথাত 'নম্বৰ-টু' ৰ পৰা 'নম্বৰ-ওৱান' হোৱাৰ কাহিনী ৷ ভাৰতৰ সংবিধান অনুসৰি প্ৰধানমন্ত্ৰীয়েই হ‘ল প্ৰকৃত নম্বৰ ওৱান ৷ ৰাষ্ট্ৰপতি হ‘ল 'সেৰিমোনিয়েল হেড' ৷ কিন্তু ৰাষ্ট্ৰপতিৰ দৰে পাঁচ বছৰৰ সেই জাক-জমক পদত থাকিও প্ৰণৱ মুখাৰ্জীয়ে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল যে, এই দেশত ব্ৰিটেইনৰ ৰাণীৰ দৰে ৰাষ্ট্ৰপতি পদৰো ক্ষমতাৰ এক নিজস্ব ৰাজনৈতিক পৰিসৰ আছে ৷ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী, তেওঁৰ সৈতে প্ৰকাশ্য কোনো সংঘাতত নোযোৱাকৈও তেখেতে দেখুৱাই দিছে যে, কিদৰে এই পৰিসৰতো সাংবিধানিক সীমাবদ্ধতাৰ মাজতো সক্ৰিয় থাকিব পাৰি ৷ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ কোনো মত পাৰ্থক্য হোৱা নাই তেনে নহয় ৷ কিন্তু সেই কথা কেতিয়াও বাহিৰত প্ৰকাশিত হোৱা নাই ৷
দৰাচলতে নিৰৱে-নিভৃতে কাম কৰাৰ মানসিকতা চিৰকালেই আছিল প্ৰণৱ মুখাৰ্জীৰ ৷ আৰু এই মানসিকতাই হয়তো তেখেতক নেহেৰু-গান্ধীৰ কংগ্ৰেছত এক স্বতন্ত্ৰ পৰিচয় আনি দিছিল ৷ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি গৈ ৰাষ্ট্ৰপতি হোৱাৰ পাছতো নিজৰ সেই পৰিচয় আৰু স্থিতিক তেখেতে কেতিয়াও হেৰুৱাবলৈ দিয়া নাছিল ৷