নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ কৰ্মৰত অৱস্থাত COVID-১৯ মহামাৰীত আক্ৰান্ত হোৱা সকলো ডাক কৰ্মচাৰীৰ লগতে গ্ৰামীণ ডাক সেৱকক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ১০ লাখ টকাৰ ক্ষতিপূৰণ। শনিবাৰে এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় যোগাযোগ আৰু তথ্য প্ৰযুক্তি আৰু আইন আৰু ন্যায় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ।
COVID-১৯ঃ ডাক কৰ্মচাৰীলৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা
গ্ৰামীণ ডাক সেৱা বিষয়াৰ লগতে সকলো ডাক কৰ্মচাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ ঘোষণা। কৰ্মৰত অৱস্থাত COVID-১৯ মহামাৰীৰ চিকাৰ হ'লে ১০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
Postal employees to get Rs 10 lakh compensation in case they succumb to COVID-19
কাৰণ দৈনন্দিন সেৱাৰ লগতে অত্যাৱশকীয় সেৱাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে ডাক সেৱা। ডাক সেৱাৰ যোগেদি খাদ্য সামগ্ৰী,ৰেছন,অত্যাৱশকীয় ঔষধ ইত্যাদি দেশৰ বিভন্ন প্ৰান্তলৈ পঠিয়াব পৰা যায় ।
যাৰ বাবে COVID-১৯ মহামাৰীৰ জটিল সময়তো নিষ্ঠাৰে নিজৰ কামত নিয়োজিত হৈ থকা ডাক কৰ্মচাৰী সকলৰ কথা চিন্তা কৰিয়ে এই ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে । দেশত বৰ্তমান ৩ মে' লৈ লক ডাউনৰ সময়-সীমা বৃদ্ধি কৰা হৈছে ।