নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনগণক তেওঁক প্ৰদান কৰা জন্মদিনৰ শুভেচ্ছাৰ কৃতজ্ঞতা জ্ঞাপন কৰি সকলোকে কৰ'ণা মহামাৰীৰ সময়ছোৱাত মাস্ক পৰিধান কৰাৰ লগতে, সামাজিক দূৰত্ব মানি চলাৰ বাবে আহ্বান জনায় ৷ কিয়নো বহু লোকে তেওঁক সুধিছিল যে, তেওঁ জন্মদিনৰ উপহাৰ হিচাপে কি বিচাৰে ৷
বৃহস্পতিবাৰে নিশা পলমকৈ এক টুইটযোগে তেওঁ লিখে, "যিহেতু বহুতেই জানিব বিচাৰিছে যে মই মোৰ জন্মদিনত কি উপহাৰ বিচাৰিছো, এইখিনিতে মই বিচৰা বস্তুটো হৈছে: এখন মাস্ক পৰিধান কৰক আৰু তাক সঠিকভাৱে পৰিধান কৰক ৷ সামাজিক দূৰত্ব মানি চলক ৷ 'দো গজ কি দূৰী' শব্দতো মনত ৰাখি ভিৰ থকা স্থানসমূহ এৰাই চলক ৷ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াওক আৰু আমাৰ জগত খনক সুস্থ কৰি তোলক ৷"