অসম

assam

By

Published : Oct 24, 2020, 9:48 AM IST

ETV Bharat / bharat

তেল, গেছ কোম্পানীৰ CEOৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

26 অক্টোবৰত সন্ধিয়া 5.30 বজাত মুখ্য বৈশ্বিক তেল আৰু গেছ কোম্পানীসমূহৰ মুখ্য কাৰ্যকৰী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ নীতি আয়োগ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে আয়োজন কৰা এক বৈঠকযোগে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

PM Modi to interact with CEOs of leading global oil, gas firms on Monday
তেল, গেছ কোম্পানীৰ CEOৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

নিউজ ডেস্ক, 24 অক্টোবৰ : সোমবাৰে নীতি আয়োগ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে আয়োজন কৰা এক বৈঠকত মুখ্য বৈশ্বিক তেল আৰু গেছ কোম্পানীসমূহৰ মুখ্য কাৰ্যকৰী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

প্ৰধানমন্ত্ৰী কাৰ্যালয় (PMO)য়ে জনোৱা মতে, মন্ত্ৰণালয়ৰ এইখন পঞ্চম বৈঠক আৰু এই বৈঠকত কোম্পানীৰ 45 গৰাকী CEO য়ে অংশ ল’ব ৷ বৈঠকৰ মূল উদ্দেশ্য হৈছে- সৰ্বোত্তম অনুশীলনৰ যো-জাৰ বাবে এক বৈশ্বিক প্লেটফ’ৰ্মৰ ব্যৱস্থা কৰা, সংস্কাৰ সন্দৰ্ভত আলোচনা কৰা আৰু ভাৰতীয় তেলৰ মূল্য শৃংখলাত বিনিয়োগ ত্বৰান্বিত কৰাৰ কৌশল প্ৰদান কৰা ৷

কাৰ্যালয়ে কয় যে, বিশ্বৰ তৃতীয় বৃহত্তম শক্তি গ্ৰাহক ভাৰতৰ উত্থানৰ সৈতে এই বৈঠকৰ আয়োজন কৰা হৈছে ৷ এই উত্থানৰ পৰিমাণ 2030 চনলৈ তেল আৰু গেছৰ খাদত 300 বিলিয়নৰ অধিক হোৱাৰ সম্ভাৱনা আছে ৷

26 অক্টোবৰত সন্ধিয়া 5.30 বজাত ভিডিঅ’ কনফাৰেন্সযোগে CEO সকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ উক্ত কাৰ্যসূচীত আন্তৰ্জাতিক স্পীকাৰৰ এটা গোট, 30তকৈও অধিক দেশৰ এক গোট আৰু ভাৰতৰ সহস্ৰাধিক প্ৰতিনিধিক অন্তৰ্ভূক্ত কৰা হ’ব ৷

লগতে পঢ়ক :গুজৰাটত বহুকেইটা প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ABOUT THE AUTHOR

...view details