অসম

assam

By

Published : Dec 25, 2019, 8:16 PM IST

ETV Bharat / bharat

হায়দৰাবাদত আটক আন্তঃৰাজ্যিক চুৰিচক্ৰৰ মুল অভিযুক্ত

এটা আন্তঃৰাজ্যিক চুৰিচক্ৰৰ মুল অভিযুক্তক হায়দৰাবাদত আটক কৰে ৰে’লৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰেল আৰক্ষীয়ে ৷ 2004 চনৰ পৰাই প্ৰায় 400ৰো অধিক চুৰিকাণ্ডত জড়িত থকা পকেটমাৰটোৰ বিৰুদ্ধে ৰুজু হৈ আছে 36 টাকৈ গোচৰ ৷

একাধিক গোচৰত অভিযুক্ত চোৰটো
হায়দৰাবাদত আটক আন্তঃৰাজ্যিক চুৰিচক্ৰৰ মুল অভিযুক্ত

হায়দৰাবাদ,25 ডিচেম্বৰঃ হায়দৰাবাদত ৰে’লৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰেল আৰক্ষীৰ অভিযানত ধৰা পৰিছে এটা আন্তঃৰাজ্যিক চুৰি চক্ৰৰ মুল অভিযুক্ত ৷ 2004 চনৰ পৰাই প্ৰায় 400ৰো অধিক চুৰিকাণ্ডত জড়িত থকা পকেটমাৰটোৰ বিৰুদ্ধে ৰুজু হৈ আছে 36 টাকৈ গোচৰ ৷ মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা পকেটমাৰটো উত্তৰ প্ৰদেশৰ আলিগড়ৰ বাসিন্দা থানেদাৰ সিং কুশৱা বুলি প্ৰকাশ কৰিছে চেকেন্দ্ৰাবাদ ৰেলৱে আৰক্ষী অধীক্ষক বি অনুৰাধাই ৷ ৰেলৱে আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, 2004 চনৰ পৰাই পুনে-চেকেন্দ্ৰাবাদ ছেক্টৰত চুৰি কাণ্ড সংঘটিত কৰি আহিছিল কুশৱাই ৷ বিগত সময়ছোৱাত যাত্ৰীৰ পৰা প্ৰায় দুই কোটি টকা মূল্যৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন লুট কৰিছিল আৰু ইয়াৰ দ্বাৰাই মাটিৰ লগতে অন্যান্য সামগ্ৰী ক্ৰয় কৰিছিল ৷ বিগত নৱেম্বৰ মাহত কুশৱাই বেগমপেট ৰে’লৱে ষ্টেচনত এগৰাকী আৰক্ষী কনিষ্টবলক ব্লেডেৰে আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷

হায়দৰাবাদত আটক আন্তঃৰাজ্যিক চুৰিচক্ৰৰ মুল অভিযুক্ত

2006 চনৰ পৰাই ব্লেডেৰে আক্ৰমণ কৰি এইদৰে যাত্ৰী তথা আৰক্ষীৰ লোকক আক্ৰমণ কৰি আহিছিল কুশৱাই ৷ পৰৱৰ্তী সময়ত কুশৱাই জুৱাৰীসকলৰ সৈতে লগলাগি জুৱা খেলৰ লগতে ক্ৰিকেটৰ বুকীৰ লগত জড়িত হৈ পৰিছিল ৷ ক্ৰিকেটৰ বুকীৰ দ্বাৰা লাভ কৰা 10 লাখ টকাৰে কুশৱাই আগ্ৰাত দুখনকৈ দোকান ক্ৰয় কৰাৰ লগতে পত্নীৰ নামত এটা গৃহও ক্ৰয় কৰিছিল ৷ হায়দৰাবাদত এটা ফ্লেট 30,000 টকাত ভাড়ালৈ দি সেই ধনেৰে নিজৰ পুত্ৰ-কন্যাক আগশাৰীৰ বিদ্যালয়ত নামভৰ্তি কৰাইছিল আৰু তেওঁলোকৰ পঢ়া-শুনাৰ নামত বছৰি 4 লাখকৈ টকা ব্যয় কৰি আহিছিল ৷ চুৰিকাণ্ডত জড়িত থকাৰ সময়ছোৱাত তেওঁ বহুবাৰ গ্ৰেপ্তাৰ হৈছিল যদিও পৰৱৰ্তী সময়ত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছিল ৷ 2011 চনত ছোলাপুৰ ৰেলৱে আৰক্ষীয়ে কুশৱাক গ্ৰেপ্তাৰ কৰাৰ ফলত য়েৰৱাড়া জেলত এবছৰ আৱদ্ধ হৈ আছিল ৷ জেলৰ পৰা মুকলি হৈয়ে নিজৰ পৰিয়ালৰ সৈতে চেৰিলিংগামপল্লীত এটা ঘৰ ভাড়ালৈ লৈ থাকিবলৈ লৈছিল কুশৱাই ৷

অৱশেষত বেগমপেট ৰে’লৱে ষ্টেচনত পাৰ্ক কৰি থোৱা নিজৰ বাইকখন নিবলৈ আহি ৰে’লৱে আৰক্ষীৰ হাতত ধৰা পৰে থানেদাৰ সিং কুশৱা ৷ গ্ৰেপ্তাৰৰ সময়ত ৰে’লৱে আৰক্ষীয়ে কুশৱাৰ পৰা 668 গ্ৰাম সোণ আৰু নগদ 13.53 লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে চাওকঃমটৰ মেকানিক মদন ৰায়ে নিৰ্মাণ কৰি উলিওৱা জেচিবিখন

ABOUT THE AUTHOR

...view details