অসম

assam

ETV Bharat / bharat

সংসদৰ শীতকালীন অধিৱেশনত গৃহীত হয় 29 খন বিধেয়ক

লোকসভা আৰু ৰাজ্যসভা উভয় সদনত সৰ্বমুঠ 29 খন বিধেয়ক গৃহীত হয় ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক সামৰি সংসদৰ শীতকালীন অধিৱেশৰ দুয়োখন সদনত সৰ্বমুঠ 29 খন বিধেয়ক গৃহীত কৰা হয় ৷

PARLIAMENT PASSES 29 BILLS
সংসদৰ শীতকালীন অধিৱেশনত গৃহীত হয় 29খন বিধেয়ক

By

Published : Dec 13, 2019, 5:36 PM IST

নিউজ ডেস্ক, 13 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক সামৰি সংসদৰ শীতকালীন অধিৱেশনৰ দুয়োখন সদনত সৰ্বমুঠ 29 খন বিধেয়ক গৃহীত কৰা হয় ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি লোকসভাত মুঠ 18 খন বিধেয়ক উত্থাপন কৰা হৈছিল আৰু ইয়াৰে 14 খন গৃহীত হয় আনহাতে ৰাজ্যসভাত 15 খন বিধেয়ক গৃহীত কৰা হয় ৷

এই শীতকালীন অধিৱেশন 18 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু মুঠ 20খন বৈঠকেৰে সমাপ্তি ঘটে ৷ যোশীয়ে লগতে কয় যে বিপক্ষৰ সদস্যসকলৰ সৈতে বায়ু প্ৰদূষণ,কৃষকৰ সমস্যা তথা অৰ্থনৈতিক দিশৰ ক্ষেত্ৰত আলোচনা কৰা হয় আৰু সেইবাবে সংসদৰ কাৰ্যকলাপ ক্ষীপ্ৰতাৰে সম্পন্ন হয় ৷

আৰু পঢ়কঃজাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল

ABOUT THE AUTHOR

...view details