অসম

assam

ETV Bharat / bharat

দিল্লীত অসমৰ আৰু বিহাৰৰ বানপীড়িত অঞ্চলৰ বাবে নিয়ন্ত্ৰণ কক্ষ

দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিবলৈ এনডিআৰএফ বাহিনীয়ে দিল্লীত এটা ২৪ ঘণ্টাই সক্ৰিয় নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে । ইয়াৰোপৰিও বিহাৰ আৰু অসমৰ ভিন্ন বান পীড়িত অঞ্চলত ১০০ ৰো অধিক এনডিআৰএফৰ দল নিয়োজিত কৰা হৈছে ।

By

Published : Jul 16, 2019, 5:58 PM IST

বান পীড়িত অঞ্চলৰ বাবে নিয়ন্ত্ৰণ কক্ষ

নিউজ ডেস্ক , ১৬ জুলাই :অসমৰ আৰু বিহাৰৰ বানৰ বাবে এনডিআৰএফ বাহিনীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ এনডিআৰএফ বাহিনীয়ে দিল্লীত এটা ২৪ ঘণ্টাই সক্ৰিয় নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে । ইয়াৰোপৰিও বিহাৰ আৰু অসমৰ ভিন্ন বান পীড়িত অঞ্চলত ১০০ ৰো অধিক এনডিআৰএফৰ দল নিয়োজিত কৰা হৈছে ।

বান পীড়িত অঞ্চলৰ বাবে নিয়ন্ত্ৰণ কক্ষ

সক্ৰিয় পদক্ষেপৰ অংশ হিচাপে এনডিআৰএফ বাহিনীৰ ১১৯ টা দলক দেশৰ বান সম্ভাব্য অঞ্চলত সতৰ্কতামূলক ব্যৱস্থা হিচাপে আগতীয়াকৈ মোতায়ন কৰা হৈছিল । এনডিআৰএফ সকলো দলৰ সৈতে নাঁও , ডুবাৰু আৰু বানত উদ্ধাৰৰ সা-সামগ্ৰী দিয়া হৈছে আৰু উন্নতমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলি এনডিআৰএফ ফালৰ জানিবলৈ দিয়ে । অসমৰ বৰপেটা, বঙাইগাঁও , বিশ্বনাথ, কাছাৰ , ধেমাজি , গোলাঘাট , যোৰহাট , লখিমপুৰ , মৰিগাঁও, শিৱসাগৰ , আৰু তিনিচুকীয়াত হৈ থকা বানৰ পৰা বানাক্ৰান্তক উদ্ধাৰ কৰিবলৈ ১৪ টা এনডিআৰএফৰ দল নিয়োজিত কৰা হৈছে । সোমবাৰে বিশ্বনাথ , গোলাঘাট, মৰিগাঁও আৰু তিনিচুকীয়াৰ দ' অঞ্চল সমূহত এনডিআৰএফৰ দলে ৪৬০ জন বানাক্ৰান্তক উদ্ধাৰ কৰাৰ লগতে তেওঁলোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে। এই পৰ্যন্ত এনডিআৰএফৰ দলে অসমৰ বিভিন্ন প্ৰান্ত পৰা ৩০০০ৰো অধিক বানাক্ৰান্তক উদ্ধাৰ কৰে । আনহাতে বিহাৰৰো কেইবাখনো জিলাত বানাক্ৰান্তৰ উদ্ধাৰৰ বাবে ১৯ টা এনডিআৰএফৰ দল নিয়োজিত কৰা হৈছে । আৰু এই পৰ্যন্ত এনডিআৰএফৰ দলে বিহাৰৰ বিভিন্ন প্ৰান্ত পৰা ৩০১০ৰো অধিক বানাক্ৰান্তক উদ্ধাৰ কৰে । ইয়াৰোপৰিও এনডিআৰএফৰ দলে জিলা প্ৰশাসনক বানাক্ৰান্তক উদ্ধাৰ আৰু সাহাৰ্য্য বিতৰণ কৰা কামত ধাৰাৱাহিক ভাৱে সহায় কৰি আছে বুলি এনডিআৰএফৰ দলে জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details