নিউজ ডেস্ক, 7 জুন : 3 মে'ত অহা প্ৰলয়ংকাৰী ধুমুহা ফণীৰ ফলত তচনচ হোৱা ওড়িশাই হেৰুৱাবলগীয়া হয় প্ৰায় 9336 কোটি টকা ৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰে এই তথ্য ৷
ৰাজ্যখনৰ বিশেষ দুৰ্যোগ প্ৰশমন সঞ্চালকালয়ৰ ভিন্ন বিভাগে জনোৱা মতে ফণীৰ ফলত ৰাজ্যখনত 6643.63 কোটি টকাৰ ৰাজহুৱা সা-সম্পত্তি বিধ্বস্ত হোৱাৰ পৰিৱৰ্তে 2692.63 কোটি টকা প্ৰয়োজন ফণীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক সাহাৰ্য প্ৰদানৰ নামত ৷ যাৰ বাবে ৰাজ্যখনক পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিবলৈ বিধ্বস্ত হোৱা ৰাজহুৱা সা-সম্পত্তি আৰু সাহাৰ্য প্ৰদানৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে 9336 কোটি টকা ৷