নিউজ ডেস্ক, 6 এপ্ৰিল :কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টি কৰিছে ৷ এক প্ৰকাৰ স্থৱিৰ হৈ পৰিছে মানৱ সমাজৰ ধাৰা ৷ এনে সময়তে ভাৰতত সাময়িক যুদ্ধবিৰতি ঘোষণা কৰিছে নক্সাল উগ্ৰপন্থীয়ে ৷ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা সীমান্ত অঞ্চলৰ নক্সাল নেতা কৈলাশে এটা অডিঅ' টেপযোগে কয় যে, আৰক্ষীৰ চোৰাংচোৱা হিচাপে সন্দেহ কৰা কোনো লোকৰ বিৰুদ্ধে এই সময়ত আক্ৰমণ অথবা শাস্তি প্ৰদানৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা নহয় ৷ তেওঁলগতে কয় যে, আৰক্ষীয়েও এইসময়ত আক্ৰমণ কৰা অনুচিত ৷ বাৰ্তাটোত নক্সাল নেতাগৰাকীয়ে জনসাধাৰণক হাত ধোৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাৰো আহ্বান জনায় ৷
COVID 19 : যুদ্ধ বিৰতি ঘোষণা নক্সালৰ !
কৰ'ণা ভাইৰাছে বিশ্বজুৰি মহামাৰী সৃষ্টি কৰাৰ সময়তে ভাৰতত যুদ্ধ বিৰতি ঘোষণা কৰিছে নিষিদ্ধ ঘোষিত সংগঠন নক্সালে ৷ আলফা স্বাধীনেও লৈছে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত
Naxals have declared a ceasefire due to COVID19
আনহাতে, কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)য়ো 7 এপ্ৰিলৰ প্ৰতিষ্ঠা দিৱস আয়োজন নকৰাৰ সিদ্ধান্ত লৈছে ৷ অসমবাসীক সুৰক্ষিত হৈ থাকিবলৈ এটা ভিডিঅ' যোগে আহ্বান জনালে সংগঠনটোৰ প্ৰচাৰ গোটৰ লেফটেনেন্ট ৰূপক অসমে ৷
লগতে পঢ়ক :Ranitidineত নিষেধাজ্ঞা !