নেশ্যনেল ডেস্ক, 14 জুলাই :নাগালেণ্ডত ধন দাবী কাণ্ডই লৈছে নতুন মূৰ ৷ সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে NSCN (IM) ৰ সদস্য ৰয়িলুং ছাৰাংবেৰ পত্নীক ৷ প্ৰতিৰক্ষা বাহিনীৰ এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ হোৱা ৰয়িলুঙৰ বেংক একাউন্টৰ পৰা চাৰি কোটি টকা উলিয়াই নিছিল পত্নীয়ে ৷
উল্লেখ্য যে, আসাম ৰাইফলছে নাগালেণ্ড আৰক্ষীৰ সহযোগত NSCN-IM ৰ দ্বাৰা ডিমাপুৰত ধন দাবী চলাই থকা এক বৃহৎ চক্ৰক উৎখাত কৰিছিল ৷ আৰক্ষীয়ে প্ৰায় 1.59 কোটি টকাৰ নগদ ধন, দুই কিল'গ্ৰাম RDX আৰু বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল ৷ NSCN (IM) ৰ নেতা ৰয়িলুং NSCN (IM) ৰ সাধাৰণ সচিব থুইংগালেং মুইভাৰ ঘনিষ্ঠ ৷