অসম

assam

কেৰেলা চৰকাৰক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নদ্দাৰ তীব্ৰ সমালোচনা

By

Published : Jul 13, 2020, 1:00 AM IST

কেৰেলা চৰকাৰে মহামাৰী ক'ৰণাৰ বাবে ৰাজ্যখনত কৰা কোৱাৰেণ্টাইনৰ সমগ্ৰ প্ৰক্ৰিয়াটোক বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই কৰিলে চোকা সমালোচনা । অধ্যক্ষ গৰাকীৰ অভিযোগ, ৰাজ্যত ক'ভিড চিকিৎসাৰ তথ্যক লৈও চৰকাৰখনে কৰিছে আপোচ । লগতে পিনাৰাই নেতৃত্বাধীনৰ চৰকাৰখনক এখন দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ লগত আখ্যা দি ৰাজ্যখনত কেৱল স্বজন প্ৰীতিৰ ৰাজনীতিৰে নিয়োগৰ ব্যৱস্থা চলি থকা বুলি উল্লেখ কৰিলে ।

Nadda slams Kerala govt for inadequate COVID-19 quarantine facilities
কেৰেলা চৰকাৰক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নদ্দাৰ তীব্ৰ সমালোচনা

নিউজ ডেস্ক,১২জুলাই : কেৰেলাৰ কাচাৰগোদত ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত বিজেপিৰ নৱ নিৰ্মিত ভৱনটো উদ্বোধন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই মহামাৰী ক'ৰণাক লৈ কেৰেলা চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি কেৰেলা চৰকাৰখনে এক ভুল তথ্যৰে সকলোকে বিপথে পৰিচালনা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিলে । ক'ভিড-১৯ ৰ এই সংকট কালত কেৰেলাৰ সাধাৰণ জনতাই নানা অসুবিধাৰ সন্মুখীন হোৱা বুলিও চৰকাৰখনলৈ তুলিলে অভিযোগ । লগতে ৰাজ্যত ক'ভিড চিকিৎসাৰ তথ্যক লৈও চৰকাৰখনে আপোচ কৰা বুলি কলে ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে ।

পিনাৰায় নেতৃত্বাধীন চৰকাৰখনে দাবী কৰিছিল যে, ৰাজ্যখনত ক'ৰণাৰ সংক্ৰমণ ৰোধৰ বাবে পৰ্যাপ্ত পৰিমানে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে । কিন্তু বাস্তৱিকতে এই ব্যৱস্থা হৈ উঠা নাছিল । ফলত ৰাজ্যখনৰ জনসাধাৰণে ইয়াৰ পৰিণাম বেয়াকৈ ভুগিব লগা হৈছে । ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত বিজেপিৰ নৱ নিৰ্মিত ভৱনটো উদ্বোধন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই এই দৰে আক্ৰমণ কৰিলে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নক । তেওঁ এই বুলিও অভিযোগ তুলিলে যে, অৱশেষত ওয়ানাদৰ প্ৰবাসী শ্ৰমিক সকলে ইয়াৰ বাবে প্ৰতিবাদ কৰিব লগা অৱস্থাৰো সৃষ্টি হ'ল । বেচৰকাৰী প্ৰতিস্থান সমূহক ৰাজনৈতিক সুৰক্ষা দিবলৈ গৈ কেৰেলা চৰকাৰে চিকিৎসাৰ প্ৰকৃত তথ্যবোৰৰ ক্ষেত্ৰত আপোচ কৰা দেখা গৈছে ।

ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে পিনাৰাই নেতৃত্বাধীনৰ চৰকাৰখনক এখন দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ লগত আখ্যা দি ৰাজ্যখনত কেৱল স্বজন প্ৰীতিৰ ৰাজনীতিৰে নিয়োগৰ ব্যৱস্থা চলি থকা বুলি উল্লেখ কৰে । তেওঁৰ মতে কেৰেলা চৰকাৰে মাথো হিংসা আৰু দুৰ্নীতিকহে বিশ্বাস কৰে । ৰাজ্যখনত যোৱা দুটা দশক ধৰি চিপিএমে মাথো হিংসাকেই প্ৰশ্ৰয় দি আহিলে । এনে হিংসাৰ ফলত ৰাজ্যত ২৭০ গৰাকীতকৈও অধিক শ্ৰমিকক আমি হেৰুওৱাৰ লগতে শতাধিক শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ব লগা হ'ল ।

লগতে পঢ়ক :কৃষক নেতাৰ মুক্তিৰ দাবীত ঐক্য সেনাৰ উদ্যোগত শিৱসাগৰত মানৱ শৃংখল

ABOUT THE AUTHOR

...view details