অসম

assam

ETV Bharat / bharat

মোডী ভাৰতৰ প্ৰধানমন্ত্ৰী, কিন্তু পাকিস্তানৰ কথাহে বেছিকৈ কয় : মমতা

শিলিগুৰিত এক গণসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ মমতা বেনাৰ্জীৰ ৷ CAA আৰু NRC বিৰোধী এক গণসভাত মমতাই অংশগ্ৰহণ কৰিছিল ৷

By

Published : Jan 3, 2020, 5:23 PM IST

CAA আৰু NRC বিৰোধী গণসভাত অংশগ্ৰহণ
মমতা বেনাৰ্জী

নেশ্যনেল ডেস্ক, 3 জানুৱাৰী : শুকুৰবাৰে শিলিগুৰিত নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু এন আৰ চি বিৰোধী এক গণসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ গণসভাত মোডীক লক্ষ্য কৰি বেনাৰ্জীয়ে কয় যে, মোডীয়ে কেৱল পাকিস্তানৰ কথাহে বেছিকৈ কয় ৷

মমতাই কয়, "মই নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ বিৰুদ্ধে যুঁজি আছো ৷ মোৰ সৈতে যোগদান কৰক ৷ আমাৰ গণতন্ত্ৰক ৰক্ষা কৰিবৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনালো ৷"

তেওঁ লগতে কয়, "তেওঁ(মোডী) ভাৰতৰ প্ৰধানমন্ত্ৰী, কিন্তু সদায় পাকিস্তানৰ কথাহে বেছিকৈ কয় ৷ কিয় ? আমি ভাৰতীয় আৰু আমি নিশ্চয়কৈ ৰাষ্ট্ৰীয় সমস্যাসমূহৰ ওপৰত আলোচনা কৰিম ৷"

মমতাই লগতে মন্তব্য কৰে যে, 22 জানুৱাৰীত তেওঁ দাৰ্জিলিঙত অন্য এখন গণসভাৰ আয়োজন কৰিব আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজত সকলোকে আন্দোলনত যোগদান কৰিবলৈ অনুৰোধ জনায় ৷

আৰু পঢ়ক : "কা" ৰ সমৰ্থনত প্ৰচাৰঃ দিল্লীয়ে ১১ ৰাজ্যৰ দায়িত্ব দিলে হিমন্তক

For All Latest Updates

ABOUT THE AUTHOR

...view details