অসম

assam

ETV Bharat / bharat

তাবলিঘি জামাতৰ সৈতে জড়িত আৰু 360 জন বিদেশীৰ বিৰুদ্ধে গোচৰ ৰুজু

পুনৰ 360 জন বিদেশীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ৷ তাবলিঘি জামাতৰ সৈতে জড়িত এইসকল বিদেশী নাগৰিক ৷

By

Published : Apr 3, 2020, 10:41 PM IST

360 জন বিদেশীৰ বিৰুদ্ধে গোচৰ ৰুজু
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়

নেশ্যনেল ডেস্ক, 3 এপ্ৰিল : তাবলিঘি জামাতৰ সৈতে জড়িত 960 জন বিদেশী নাগৰিকৰ নামৰ তালিকা প্ৰস্তুত কৰাৰ পাচতে শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘটনাৰ সৈতে জড়িত আৰু 360 জন লোকৰ নাম অন্তৰ্ভূক্ত কৰিছে ৷ ৰাষ্ট্ৰজোৰা লকডাউন অমান্য কৰি তাবলিঘি জামাতৰ সৈতে জড়িত হোৱাৰ বাবে এইসকলৰ নামৰ এক তালিকা প্ৰস্তুত কৰা হৈছে ৷

কিন্তু, ভাৰতৰ পৰা ইতিমধ্যে নিজ নিজ দেশলৈ উৰা মাৰিছে এই 360 জন বিদেশী লোকে ৷

পুনিয়া ছালিলা শ্ৰীবাস্তৱে কয়- "তাবলিঘি জামাতৰ সৈতে জড়িত আৰু 360 জন বিদেশীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো ৷ আনহাতে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্তৃপক্ষক এই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছো ৷"

উল্লেখ্য যে, বৃহস্পতিবাৰে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী মহানিৰ্দেশক সকলক এনে কাণ্ডৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে বিদেশী নাগৰিকৰ অনুচ্ছেদ, 1946 আৰু দূৰ্যোগ ব্যৱস্থাপনা অনুচ্ছেদ, 2005 ৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

উল্লেখ্য যে, তাবলিঘি জামাত ধৰ্মীয় অনুষ্ঠানৰ পাচতে ভাৰতত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে ৷ যোৱা দুদিনত দেশত কোভিড-19 ত 647 জন লোক আক্ৰান্ত হৈছে ৷ দেশৰ 14 খন ৰাজ্য ক্ৰমে আন্দামান, অসম,দিল্লী, হিমাচল প্ৰদেশ, হাৰিয়ানা, জম্মু-কাশ্মীৰ, কৰ্ণাটক, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু,তেলেংগানা, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত দুদিনৰ ভিতৰত পোহৰলৈ আহিছে 647 জন লোক আক্ৰান্ত হোৱাৰ তথ্য ৷ এই আটাইকেইজন লোক তাবলিঘি জামাতৰ সৈতে জড়িত ৷

স্বাস্থ্য় আৰু পৰিয়াল মন্ত্ৰণালয়ৰ যুটীয়া সম্পাদক লাভ আগৰৱালে কয়, "শেহতীয়া কোভিড-19 ত আক্ৰান্ত লোকসকলৰ সংখ্যা বৃদ্ধিত তাবলিঘি জামাতৰ অৱদান আছে ৷"

তেওঁ লগতে কয় যে,যোৱা 24 ঘন্টাত দেশত 12 জন লোকৰ মৃত্যু হৈছে আৰু ইয়াৰে অধিকাংশ তাবলিঘি জামাতৰ সৈতে জড়িত ৷

ইয়াৰোপৰি, কোনো লোকে চিকিৎসা কৰ্মীৰ ওপৰত আক্ৰমণ কৰিলেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্তৃপক্ষক ৷

উল্লেখ্য যে,বৰ্তমানলৈকে দেশত আক্ৰান্তৰ সংখ্যা 2300 ৰো অধিক ৷ আনহাতে, 156 জন লোক আৰোগ্য হৈ উঠাৰ বিপৰীতে 56 জনৰ মৃত্যু হৈছে ৷

আৰু পঢ়ক :

চিকিৎসকলৈ শিল দলিয়ালে মই বহু কষ্ট পাওঁ : হিমা দাস

ABOUT THE AUTHOR

...view details