অসম

assam

ETV Bharat / bharat

কাৰাগাৰৰ পৰা চৰকাৰী গৃহলৈ স্থানান্তৰ মেহবুবা মুফ্তীক !

নাগৰিক সুৰক্ষা নীতিৰ অধীনত (Public Safety Act ) মাকে-ছিফ্ট কাৰাগাৰৰ পৰা গৃহলৈ স্থানান্তৰ প্ৰাক্তন জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফ্তীক । অৱশ্যে গৃহবন্ধী হৈ থাকিব লাগিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।

Mehbooba shifted to residence, continues to remain in detention
Mehbooba shifted to residence, continues to remain in detention

By

Published : Apr 7, 2020, 5:31 PM IST

নিউজ ডেস্ক, ৭ এপ্ৰিলঃজম্মু-কাশ্মীৰৰ পৰা অনুচ্চছেদ ৩৭০ প্ৰত্যাহাৰৰ পাচতেই কাৰাগাৰত বন্দী কৰি ৰখা মেহবুবা মুফ্তীক মঙলবাৰে গৃহলৈ অনা হয় ।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্তীক মঙলবাৰে নাগৰিক সুৰক্ষা নীতিৰ অধীনত (Public Safety Act ) মাকে-ছিফ্ট কাৰাগাৰৰ পৰা গৃহলৈ স্থানান্তৰ কৰা হয় । অৱশ্যে গৃহবন্ধী হৈ থাকিব লাগিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।

৬০ বছৰীয়া মুফ্তীক যোৱা বৰ্ষৰ ৫ আগষ্টত প্ৰথমে প্ৰতিৰোধমূলক জিম্মাত লোৱা হৈছিল । ইয়াৰ পাচতেই ৬ ফেব্ৰুৱাৰীত পিএছএৰ অধীনলৈ অনা হয় ।

আদেশত কোৱা হৈছে যে, মাউলানা আজাদ ৰোডৰ এটা কাৰাগাৰৰ পৰা ফেয়াৰভিউ গুপকাৰ ৰোডৰ চৰকাৰী আৱাসলৈ স্থানান্তৰৰ কথা । স্থানান্তৰৰ পূৰ্বে চৰকাৰী আৱসগৃহটোক অস্থায়ী কাৰাগাৰ হিচাপে ধৰা হ'ব বুলি ঘোষণা কৰে ।

মুফ্তীক যোৱা বৰ্ষৰ ৫ আগষ্টত দুজন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলা আৰু উমৰ আব্দুলা সহিতে আটক কৰিছিল । পিচত ফাৰুক আব্দুলা আৰু তেওঁৰ পুত্ৰ উমৰ আব্দুলাক মাৰ্চৰ মাহৰ প্ৰথম ভাগত মুকলি কৰা হয় ।

ABOUT THE AUTHOR

...view details