অসম

assam

ETV Bharat / bharat

এম এচ ধোনীলৈ কিয় অনুৰোধ কৰিলে লতা মংগেশকাৰে ?

বিশ্বকাপ ক্ৰিকেট, 2019 ৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত ভাৰত পৰাস্ত হোৱাৰ পাছতে ধোনীক অৱসৰ ল'বলৈ বাধা প্ৰদান কৰে লতা মংগেশকাৰে

এম এচ ধোনীলৈ অনুৰোধ কৰিলে লতা মংগেশকাৰৰ

By

Published : Jul 11, 2019, 10:23 PM IST

নিউজ ডেস্ক,১১জুলাই : বুধবাৰে বিশ্বকাপ ক্ৰিকেট, 2019 ৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয় ভাৰত । এই পৰাস্তৰ পাছতে এম এচ ধোনীয়ে অৱসৰ গ্ৰহণ কৰিব বুলি ৰাজ্যত এক চৰ্চা চলি থকাৰ সময়তে বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা এম এচ ধোনীলৈ টুইট কৰে কোকিল কন্ঠী লতা মংগেশকাৰে । টুইটত মংগেশকাৰে ধোনীলৈ অৱসৰ গ্ৰহণৰ পৰা বিৰত থাকিবলৈ কৰে অনুৰোধ ।


টুইটত কোকিল কন্ঠী গায়িকাগৰাকীয়ে কয়, ''নমস্কাৰ এম এচ ধোনী । আজি-কালি মই শুনিবলৈ পাইছো আপুনি হেনো খেল জগতৰ পৰা অৱসৰ লব বিচাৰিছে । কৃপা কৰি আপুনি অৱসৰ নলব, কাৰণ দেশবাসীয়ে আপোনাৰ খেলৰ পাৰদৰ্শিতা চাব বিচাৰে । দেশবাসীৰ হৈ মই আপোনাক অনুৰোধ কৰিছো আপুনি অৱসৰ লোৱাৰ কথা মনলৈ নানিব " ।

ABOUT THE AUTHOR

...view details