অসম

assam

দেৱালত চিত্ৰ অংকনেৰে সজাগতা যোধপুৰ জিলা প্ৰশাসনৰ

By

Published : Jun 7, 2020, 3:20 PM IST

কোভিড ১৯ৰ এই যুঁজত মুখ্য ভূমিকা পালন কৰা স্বাস্থ্যকৰ্মীসকলৰ উৎসাহ যোগোৱাৰ লগতে, এই মহামাৰী সংক্ৰমনৰ পৰা নিজকে বচাই ৰাখিবলৈ কি কি ব্যৱস্থা কৰা উচিত এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে যোধপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ।

 কোভিড ১৯ৰ সজাগতা
jodhpur medical college walls painted with messages for covid 19 awareness

নিউজ ডেস্ক, ৭ জুনঃকোভিড-19ৰ সজাগতাৰ বাবে যোধপুৰ মেডিকেল কলেজৰ দেৱালত অংকন কৰা হয় চিত্ৰ । কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া সাৱধানতা সন্দৰ্ভত জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই পদক্ষেপ । কোভিড-19ৰ এই যুঁজত মুখ্য ভূমিকা পালন কৰা স্বাস্থ্যকৰ্মীসকলৰ উৎসাহ যোগোৱাৰ লগতে, এই মহামাৰী সংক্ৰমনৰ পৰা নিজকে বচাই ৰাখিবলৈ জনসাধাৰণে কি কি ব্যৱস্থা কৰা উচিত এই সন্দৰ্ভত মানুহক শিক্ষিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ যোধপুৰ জিলা প্ৰশাসনৰ মনোজ কাল্লা নামৰ এগৰাকী বিষয়াই ।

দেৱালত চিত্ৰ অংকনেৰে ৰাইজৰ মাজত কোভিড ১৯ৰ সজাগতা যোধপুৰ জিলা প্ৰশাসনৰ

যোধপুৰ চামপুৰননন্দ মেডিকেল কলেজৰ পৰা জিলা প্ৰশাসনে এই সজাগতামূলক চিত্ৰ অংকণৰ কাম আৰম্ভ কৰিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। দেৱালসমূহত কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে জনসাধাৰণে গ্ৰহণ কৰিবলগীয়া সাৱধানতাৰ লগতে "ৰাজহুৱা স্থানত থু পেলোৱা অথবা পিকোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক", "সাৱধানতাই কোভিড-19ৰ ৰোধৰ মূল চিকিৎসা" আদি শ্ল'গান লিখা হয় । এই শ্ল'গান আৰু বাৰ্তাসমূহৰ দ্বাৰা ৰাইজ কিছু পৰিমাণে হ'লেও সজাগ হ'ব বুলি যোধপুৰ জিলা প্ৰশাসনে আশা প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

...view details