অসম

assam

ETV Bharat / bharat

ভুপাল চহৰক প্লাষ্টিক মুক্ত কৰিবলৈ পৌৰ নিগমৰ এক ব্যতিক্ৰমী পদক্ষেপ

ভুপাল চহৰখনক প্লাষ্টিক মুক্ত কৰিবলৈ কেইবা ঠাইতো পৌৰ নিগমে, কাপোৰৰ বেগ চিলাই কৰা কিয়স্কচ্ মেচিন স্থাপন কৰে ৷ য'ত চিলাই মেচিনৰ সহায়েৰে পুৰণি কাপোৰসমূহক ব্যৱহাৰযোগ্য কেৰী বেগলৈ ৰূপান্তৰিত কৰা হয় ৷

ভুপাল পৌৰ নিগমৰ এক ব্যতিক্ৰমী পদক্ষেপ
ভুপাল পৌৰ নিগমৰ এক ব্যতিক্ৰমী পদক্ষেপ

By

Published : Jan 12, 2020, 1:52 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰীঃভুপাল পৌৰ নিগমে যোৱা ছেপ্তেম্বৰ মাহত প্লাষ্টিক ব্যৱহাৰত বিৰাম লগাবলৈ এক ব্যতিক্ৰমী অনুপ্ৰেৰণামূলক পদক্ষেপ গ্ৰহণ কৰে ৷ চহৰখনক প্লাষ্টিক মুক্ত কৰিবলৈ কেইবা ঠাইতো পৌৰ নিগমে, কাপোৰৰ বেগ চিলাই কৰা কিয়স্কচ্ মেচিন স্থাপন কৰে ৷ এই মেচিনত চিলাই মেচিনৰ সহায়েৰে পুৰণি কাপোৰ সমূহক ব্যৱহাৰযোগ্য কেৰী বেগলৈ ৰূপান্তৰিত কৰা হয় ৷ এই বেগসমূহ ক্ৰয়ৰ বাবদ 5 টকা ব্যয় কৰিব লাগে, যি টকা তেওঁলোকক পুণৰ উভতাই দিয়া হয়, যদিহে তেওঁলোকে নিজৰ পুৰণি কাপোৰবোৰ প্ৰদান কৰে ৷

ভুপাল পৌৰ নিগমৰ এক ব্যতিক্ৰমী পদক্ষেপ

পুৰণি কাপোৰৰ পুনৰ ব্যৱহাৰৰ ফলত চহৰখনত প্লাষ্টিকৰ ব্যৱহাৰ বহু পৰিমাণে হ্ৰাস পাইছে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ এক সমীক্ষাত কেন্দ্ৰীয় চৰকাৰে ইন্দোৰক ভাৰতৰ 'আটাইতকৈ পৰিস্কাৰ চহৰ' হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে ভুপালক 'আটাইতকৈ পৰিস্কাৰ ৰাজধানী' হিচাপে নামাকৰণ কৰা হৈছিল ৷

লগতে পঢ়কঃ প্লাষ্টিকৰ প্ৰয়োগ হ্ৰাস কৰিবলৈ 'বাচন বেংক' স্থাপন মধ্য প্ৰদেশৰ বেতুল গাঁৱত

ABOUT THE AUTHOR

...view details