অসম

assam

জম্মুৰ বাহু ফ'ৰ্টৰ পৰা মহামায়ালৈ ৰ'পৱে মুকলি

By

Published : Oct 3, 2020, 1:22 PM IST

COVID-19ৰ ত্ৰ্ৰাস অব্য়াহত থকাৰ মাজতে জম্মুৰ বাহু ফ'ৰ্টত আজি যাত্ৰীৰ বাবে মুকলি কৰা হ'ব ৰ'পৱে । বাহু ফ'ৰ্টৰ পৰা মহামায়ালৈ এই ৰ'পৱেৰ দৈৰ্ঘ্য 1.66 কিলোমিটাৰ । সামাজিক দূৰত্ব বৰ্তাই, মুখত মাস্ক পৰিধান কৰি মহামাৰীৰ বাবে জাৰি কৰা স্বাস্থ্যবিধি মানি ভ্ৰমণ কৰিব পাৰিব যাত্ৰীয়ে ।

জম্মুৰ বাহু ফ'ৰ্টৰ পৰা মহামায়ালৈ ৰ'পৱে মুকলি
জম্মুৰ বাহু ফ'ৰ্টৰ পৰা মহামায়ালৈ ৰ'পৱে মুকলি

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ :জম্মুত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব ৰ'পৱে । বাহু ফ'ৰ্টৰ পৰা মহামায়ালৈ প্ৰায় 75 কোটি টকা ব্যয় সাপেক্ষে এই ৰ'পৱে নিৰ্মাণ কৰা হৈছে । COVID-19ৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যবিধি মানি শনিবাৰৰ পৰা যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে । সমাজিক দূৰত্ব বৰ্তাই, মুখত মাস্ক পৰিধান কৰিহে যাত্ৰা কৰিব পাৰিব যাত্ৰীয়ে । ৰ'পৱেৰে যাত্ৰীয়ে যাত্ৰা কৰাৰ পূৰ্বে আৰু নমাৰ পিছত কেবিনসমূহ চেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে, বিভাগীয় বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি মাস্ক নিপিন্ধা আৰু 99 ডিগ্ৰী ফাৰেনহাইট তাপমাত্ৰা থকা পৰ্যটকৰ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব । পূৰ্বে বাহু ফ'ৰ্টৰ পৰা মুবাৰক মণ্ডী কম্প্লেক্সলৈ ৰ'পৱে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও 1995 চনত গ্ৰহণ কৰা প্ৰস্তাৱত ইয়াৰ সংশোধন কৰি মহামায়ালৈ এই ৰ'পৱে নিৰ্মাণ কৰা হয় । উল্লেখ্য যে, 2019 চনৰ এপ্ৰিল মাহত কেব'ল কাৰ কৰ্প'ৰেচনে ৰ'পৱে যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সফলভাৱে সম্পন্ন কৰে ।

1.66 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ'পৱেক দুটা ভাগত বিভক্ত কৰি নিৰ্মাণ কৰা হৈছে । প্ৰথমটো বাহু ফ'ৰ্টৰ পৰা মহামায়া উদ্যানলৈকে আৰু দ্বিতীয়টো মহামায়াৰ পৰা তবী নদীৰ ওপৰেৰে পীৰ খোলৈকে । মহামায়াৰ পৰা পীৰ খোলৈকে এই ৰ'পৱেৰ দৈৰ্ঘ্য 1,118 মিটাৰ । বাহু ফ'ৰ্টৰ পৰা মহামায়ালৈকে এই ৰ'পৱেত 8 টা কেবিন আছে আৰু মহামায়াৰ পৰা পীৰ খোলৈকে 14 টা কেবিন সংযুক্ত কৰা হৈছে ।

লগতে পঢ়ক :বিশ্বৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ "অটল টানেল" মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details