নিউজ ডেস্ক , 14 জুনঃ বিগত কিছুদিন ধৰি উত্তৰাখণ্ডস্থিত কালাপানী আৰু লিপুলেখে দখল কৰি আহিছে সংবাদ মাধ্যমৰ শিৰোনাম ৷ এই দুখন ঠাইক কেন্দ্ৰ কৰি ভাৰত আৰু নেপালৰ মাজত সৃষ্টি হোৱা বিৰ্তক বৰ্তমান হৈ পৰিছে এক আন্তঃৰাষ্ট্ৰীয় বিষয় ৷ নেপালৰ নিম্ন সদনে চৰকাৰে উত্থাপন কৰা প্ৰস্তাৱত সন্মতি দিয়াৰ পাছতেই এই দুয়োটা অঞ্চলকেই অন্তৰ্ভুক্ত কৰিছে দেশখনৰ নতুন ৰাজনৈতিক মানচিত্ৰত ৷ কিন্তু দুয়োখনৰ দেশৰেই চৰকাৰী তথ্যই এই বিশেষ ঠাই দুখনৰ আন এক ইতিহাস বৰ্ণনা কৰে ৷ দুয়োটা অঞ্চলৰে স্থানীয় ভূমি জৰীপৰ তথ্যৰ মতে , কালাপানী আৰু লিপুলেখ দুয়োখনেই ভাৰতবৰ্ষৰ সীমাৰ ভিতৰত অৱস্থিত ৷ শেহতীয়া এক চৰকাৰী তথ্য মতে , কালাপানী , লিপুলেখ আৰু নাভিধাং নামৰ তিনিওখন ঠায়েই পিঠোৰাগাঢ় জিলাৰ ধাৰচুলা উপসংমণ্ডলৰ অন্তৰ্গত গাৰ্বিয়াং আৰু গুঞ্জী গাঁৱৰ পৰিসীমাত অন্তৰ্ভুক্ত ৷ ধাৰচুলা উপসংমণ্ডলৰ দণ্ডাধীশ এ কে শুক্লাই কয় যে, 190 একৰ এলেকাৰ কালাপানী আৰু নাভিধাং গাৰ্বিয়াং জিলাৰ অন্তৰ্গত আৰু লিপুলেখ অঞ্চল গুঞ্জী গাঁৱৰ অন্তৰ্গত ৷ উল্লেখযোগ্য যে , প্ৰত্যেক বছৰেই দৰ্শনাৰ্থী সকলে লিপুলেখ পাছৰ মাজেৰেই কৈলাশ-মানসৰোবৰ দৰ্শনৰ বাবে যাত্ৰা কৰে ৷
গাৰ্বিয়াং জিলাৰ বাসিন্দ সকলে মন্তব্য কৰে যে , তেওঁলোকৰ পূৰ্ব পুৰুষ সকলে কালাপানীত কৃষিকাৰ্য কৰিছিল ৷ এই কৃষিকাৰ্য তথা লিপুলেখ পাছেৰে ভাৰত-চীনৰ ব্যৱসায়িক আদান প্ৰদানৰ কাম-কাজ ভাৰত-চীন যুদ্ধৰ পাছতেই সমাপ্ত হয় ৷ ধাৰচুলা উপসংমণ্ডলৰ ৰং কল্যাণ সংস্থা নামৰ জনজাতীয় সংস্থাটোৰ সভাপতি কৃষ্ণ গাৰ্বিয়ালে কয় যে , যুদ্ধৰ পূৰ্বে তেওঁলোকে সেই অঞ্চলত কৃষি-কাৰ্য কৰিছিল ৷ তেখেতে লগতে মন্তব্য কৰে যে , কালায়াপানীৰ মাউণ্ট আপী অঞ্চললৈ গাৰ্বিয়ান গাঁৱৰ অন্তৰ্গত আছিল যদিও নেপাল আৰু বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত 1816 চনৰ চুক্তিৰ পাছৰে পৰা তেওঁলোকে সেই স্থান পৰিত্যাগ কৰে ৷ সেই সময়তে নেপাল আৰু ভাৰতৰ মাজত কালি নদীক সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল ৷ ইয়াৰ পাছৰে পৰাই গাৰ্বিয়ান জিলাৰ বাসিন্দা সকলে নেপালৰ অন্তৰ্গত অঞ্চল সমূহত কৃষিকাৰ্য কৰা সম্পূৰ্ণৰূপে এৰি দিছিল ৷ লোকসকলে তথা দুয়োখন দেশৰ চৰকাৰে কালাপানীক কালি নদীৰ পানীৰ উৎস হিচাপে চিনাক্ত কৰিছিল ৷ স্থানীয় লোক সকলেও কালাপানীৰ পানীক পবিত্ৰ হিচাপে গণ্য কৰিছিল ৷