অসম

assam

ETV Bharat / bharat

শ্বহীদ দিৱসঃ আজিয়েই ফাঁচীকাঠত ওলমাইছিল ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক

আজি শ্বহীদ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ মৃত্যুবাৰ্ষিকী ৷ ৷ সমগ্ৰ দেশেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দেশ মাতৃৰ বীৰ শ্বহীদকেইজনক ৷

etv bharat

By

Published : Mar 23, 2019, 12:32 PM IST

Updated : Mar 23, 2019, 12:39 PM IST

নিউজ ডেস্ক, 23 মাৰ্চ : আজি মুক্তিযোদ্ধা শ্বহীদ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ মৃত্যুবাৰ্ষিকী ৷ বীৰ শ্বহীদকেইজনৰ স্মৃতিত দেশজুৰি উদযাপন কৰা হৈছে শ্বহীদ দিৱস ৷ সমগ্ৰ দেশেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দেশ মাতৃৰ বীৰ শ্বহীদকেইজনক ৷

স্বাধীনতা সংগ্ৰামত দেশৰ হকে ফাঁচীকাঠত ওলমিছিল ভাৰত মাতৃৰ তিনিজন বীৰ পুত্ৰ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুই ৷ চাইমন কমিচনৰ নিৰ্দেশৰ বিৰোধিতাৰ শাস্তি স্বৰূপে লালা লাজপত ৰায়ে প্ৰাণ হেৰুৱালগীয়া হোৱাৰ পাচতেই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল তিনিওজন ডেকাই ৷ লালাজীৰ প্ৰতিবাদী কাৰ্যসূচীত লাঠিচাৰ্জৰ নিৰ্দেশ দিয়া ব্ৰিটিছ আৰক্ষী অধীক্ষক জেমচ স্কটৰ হত্যাৰ অভিসন্ধি ৰচিছিল ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুই ৷ কিন্তু 1928 চনৰ 17 ডিচেম্বৰত লাহোৰত তিনিওজনে ভুলবশত জেমচ স্কটৰ ঠাইত গুলীয়াই হত্যা কৰে অন্য এজন আৰক্ষী বিষয়া জন চোন্দাৰ্চক ৷

1929 চনৰ 8 এপ্ৰিলত লাহোৰৰ চেন্ট্ৰেল লেজিচলেটিভ কাউন্সিলত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৱে সংঘটিত কৰে দুটাকৈ বিস্ফোৰণ ৷ বিস্ফোৰণৰ পাচতে পলায়ন নকৰি বীৰদৰ্পে 'ইন্কালাভ জিন্দাবাদ' ধ্বনিৰে ব্ৰিটিছৰ হাতত ধৰা দিয়ে তিনিওজন মুক্তিযোদ্ধাই ৷ বন্দীত্বৰ কালত তিনিওজনৰ সমৰ্থনত দেশত হোৱা ব্ৰিটিছ বিৰোধী প্ৰতিবাদত ভীতিগ্ৰস্ত হৈ 1931 চনৰ 23 মাৰ্চত ব্ৰিটিছে ফাঁচীকাঠত ওলমাই বীৰ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ৷ বীৰ শ্বহীদকেইজনৰ প্ৰাণ বলিদানৰ পাচতেই স্বাধীনতাৰ জোৱাৰ পূৰ্ণ ৰূপে প্ৰবাহিত হয় ভাৰতবৰ্ষত ৷

দেশ মাতৃৰ এই বীৰ পুত্ৰ তিনিজনৰ প্ৰাণত্যাগক স্মৰণ কৰি আজি দেশে উদযাপন কৰিছে শ্বহীদ দিৱস ৷ বিভিন্ন ৰাজনৈতিক নেতা, স্থানীয় লোকৰ লগতে বিভিন্ন জনে টুইটাৰ যোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বীৰ শ্বহীদ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰ যোগে শ্বহীদ কেইজনক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি তেওঁলোকৰ বীৰত্বক দেশে সদায়েই নমন কৰিব বুলি প্ৰকাশ কৰে ৷

Last Updated : Mar 23, 2019, 12:39 PM IST

ABOUT THE AUTHOR

...view details