অসম

assam

ETV Bharat / bharat

বায়ু সেনাৰ আক্ৰমণৰ পিচতে হাই এলাৰ্ট ঘোষণা মুম্বাই বিমানবন্দৰত

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে দেশৰ গুৰুত্বপূৰ্ণ বিমান বন্দৰ সমূহত হাই এলাৰ্ট ঘোষণা কৰাৰ লগতে বৃদ্ধি কৰিছে অতিৰিক্ত সুৰক্ষা ব্যৱস্থা

By

Published : Feb 27, 2019, 2:03 PM IST

মুম্বাই বিমানবন্দৰ

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় বায়ু সেনাই সংঘটিত কৰা আক্ৰমণৰ পিচতে হাই এলাৰ্ট ঘোষণা দেশৰ কেইবাটাও বিমান বন্দৰত । মঙলবাৰৰ পাচতে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে দেশৰ গুৰুত্বপূৰ্ণ বিমান বন্দৰ সমূহত হাই এলাৰ্ট ঘোষণা কৰাৰ লগতে বৃদ্ধি কৰিছে অতিৰিক্ত সুৰক্ষা ব্যৱস্থা ।

ভাৰতীয় বায়ু সেনাৰ দ্বাৰা পাকিস্তান সমৰ্থিত জইচ-ই-মহম্মদৰ ঘাটিত সংঘটিত আক্ৰমণৰ পাচতে দেশৰ গুৰুত্বপূৰ্ণ বিমান বন্দৰ সমূহত বৃদ্ধি কৰা হৈছে সুৰক্ষা ব্যৱস্থা । কেন্দ্ৰীয় ঔদ্যোগিত সুৰক্ষা বলৰ অতিৰিক্ত বাহিনী মোতায়েন কৰি সুৰক্ষিত কৰা হৈছে বিমানবন্দৰসমূহৰ সুৰক্ষা ব্যৱস্থা । অসামৰিক বিমান পৰিবহণ খণ্ডৰ লগতে বায়ু সেনাৰ সকলো এয়াৰফিল্ডকে প্ৰতিপ্ৰল সষ্টম থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে হাই এলাৰ্টত আছে বায়ু প্ৰতিৰক্ষা ক্ষেপনাস্ত্ৰ প্ৰণালীসমূহো ।

মুম্বাইস্থিত ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুধবাৰে ৰাতিপুৱাৰ ভাগত পৰিলক্ষিত হয় বিশেষ সুৰক্ষা ঘেৰা । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ডেভেন্দ্ৰ ফাদনাভিজে ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে বিমান বন্দৰটোৰ সুৰক্ষা ঘেৰা অতিৰিক্তভাৱে বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰিছে । ইয়াৰ লগতে কোনোধৰণৰ সম্ভাব্য বিপদৰ পৰা সাধাৰণ জনতাক বিচলিত নহ'বলৈও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুম্বাই বিমানবন্দৰ

ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ পাচতে কেন্দ্ৰীয় চোৰাংচোৱা সূত্ৰই লাভ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য । এই অনুসৰি দেশৰ গুৰুত্বপূৰ্ণ স্থানসমূহত বঢ়াই তোলা হৈছে অতিৰিক্ত সুৰক্ষা ব্যৱস্থা । চোৰাংচোৱাৰ তথ্যৰ ভিত্তিতে এইদৰে বিমানবন্দৰৰ সুৰক্ষা ব্যৱস্থা বঢ়াই তোলা হৈছে । চোৰাংচোৱাই প্ৰদান কৰা তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদীৰ সহজ আৰু পৰৱৰ্তী লক্ষ্য হ'ব পাৰে মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । বিমানবন্দৰ তথা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সুৰক্ষাৰ দায়িত্বত থকা চি আই এছ এফে বিমানবন্দৰটোত এক অভেদ্য সুৰক্ষা ঘেৰা গঢ়ি তুলিছে ।

ABOUT THE AUTHOR

...view details