নিউজ ডেস্ক, ২৫ জুন :বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী হৰ্ষ বৰ্ধনে কোভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে এটা মোবাইল এপছ মুকলি কৰে । যিটো এপছৰ জৰিয়তে ৰোগী সকলক বিশুদ্ধ ৰক্ত যোগান ধৰা হ'ব বুলি জানিব দিয়ে ।
জানিব পৰা অনুসৰি, ডিজিটেল ইণ্ডিয়াৰ অধীনত Centre for Development of Advanced Computing (CDAC) ৰ দ্ধাৰা এটা ৰক্তকোষ গঠন কৰি ইয়াৰ বিকাশ ঘটোৱা হৈছে । লগতে ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ ৰক্ত সেৱা সমূহো ইয়াৰ অধীনত নিয়ন্ত্ৰণ কৰা হ'ব ।
মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, বিগত বহু দিনৰ পৰা ৰোগী সকলে ৰক্তৰ অভাৱত ভুগি থকাৰ খবৰ আহিছিল । যাৰবাবে এই এপছটো মুকলি কৰা হৈছে । যাৰ অধীনত ৰোগী সকলক বিশুদ্ধ ৰক্ত যোগান ধৰা হ'ব । লগতে তেওঁ কয় যে, মহামাৰী চলি থকাৰ সময়ত এই সেৱাই ৰোগী সকলক সহায় কৰিব বুলি উল্লেখ কৰে । এই এপছত ৰোগী সকলে ৰক্তৰ বাবে আবেদন জনাব পাৰিব আৰু লগে-লগে স্বাস্থ্যমন্ত্রী মন্ত্ৰালয়ে তাৰ বাবে ব্যৱস্থা গহণ কৰিব পাৰিব । লগতে এই এপছৰ জৰিয়তে ৰক্তদান কৰিব পাৰিব । ৬৫ বছৰৰ তলৰ সকলো লোকেই বছৰত চাৰি বাৰকৈ ৰক্তদান কৰিব পাৰিব । মন্ত্ৰী গৰাকীয়ে আকৌ জনাই যে, নিয়মিত ৰক্তদানে বহুবোৰ বেমাৰৰ পৰা মুক্তি দিয়াৰ লগতে আৰোগ্য হৈ থাকিব পাৰে ।