নিউজ ডেস্ক,22অক্টোবৰ: বুধবাৰে গোৰ্খা নেতা বিমল গুৰুংগে যোগদান কৰে TMC অৰ্থাৎ তৃণমূল কংগ্ৰেছত ৷ পূৰ্বে এই নেতা গৰাকী আছিল NDA দলত ৷ নেতা গৰাকীয়ে কয়, NDA দলে পাহাৰৰ খনন কাৰ্য ৰোধ কৰাত ব্যৰ্থ হৈছে ৷ মই ইয়াৰ স্থায়ী সমাধান বিচাৰো ৷ 2017চনত পশ্চিম বংগৰ পৰা পৃথক গোৰ্খালেণ্ড বিচাৰি বহু সমস্যাৰ সন্মুখীন হৈছিল বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷
বিগত মাহত শিৰোমণি আকালি দলৰ পৰা পৃথক হৈছিল এনডিএ দল ৷ গুৰংগই কয়,2017চনৰ পৰাই বিজেপি চৰকাৰে পাহাৰ এলেকা দখল কৰাৰ বাবে যুদ্ধ কৰি আছে ৷ কিয়নো পাহাৰ এলেকাত আধিপত্য চলোৱাৰ বাহিৰে বিজেপিৰ হাতত নাছিল আন কোনো পথ ৷ বিজেপি চৰকাৰে জয় লাভ কৰাৰ বাবে পাহাৰ এলেকাই আছিল মূল কেন্দ্ৰ ৷ কিন্তু মমতা বেনাৰ্জীয়ে এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷
হত্যাৰ অভিযোগত অভিযুক্ত হৈ নাটকীয় ভাৱে পলাই থকা গোৰ্খা নেতা বিমল গুৰুংগে কলকাতাত উপস্থিত হোৱাৰ পাচতেই সাংবাদিকক নেতা গৰাকীয়ে কয়,বিজেপিৰ নেতৃত্বত এনডিএ 10বছৰ ধৰি কাম কৰিছিল ৷ ইয়াৰ পাচতেই এই নেতা গৰাকীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ নেতা গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,নেতা গৰাকীৰ সৈতে অন্যায় কৰিছে এনডিএ ৷ কিয়নো বহুবাৰ আৱেদন তথা আহ্বান জনোৱাৰ পাচতো গোৰ্খালেণ্ডক পৃথক ৰাজ্যৰ মৰ্যদা ঘোষণা কৰা হোৱা নাছিল ৷
নেতা গৰাকীয়ে লগতে কয়, ''মই 2009 চনৰ পৰাই এনডিএৰ সৈতে আছিলো ৷ কিন্তু বিজেপিয়ে দাৰ্জিলিঙৰ পাহাৰ খননৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ পাচতো আজিলৈকে এই প্ৰতিশ্ৰুতিৰ কোনো সমাধান নোলাল বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷