অসম

assam

ETV Bharat / bharat

অথঃ বাবা ৰামদেৱ বাৰ্তাঃ সমৰ্থনত বিজেপি সাংসদ গিৰিৰাজ সিং

যোগগুৰু বাবা ৰামদেৱৰ উদ্ভট তথা অদ্ভুট জনসংখ্যা নীতিৰ সমৰ্থনত নামি পৰিছে বিজেপি সাংসদ ৷ বিহাৰৰ বেগুচৰাই সমষ্টিৰ সাংসদ তথা বিজেপি নেতা গিৰিৰাজ সিঙেও মঙলবাৰে ৰামদেৱৰ সমৰ্থনত জনসংখ্যা নীতিৰ যুক্তি গ্ৰহণযোগ্য বুলি উল্লেখ কৰে ৷

সাংসদ গিৰিৰাজ সিং

By

Published : May 28, 2019, 8:02 PM IST

নিউজ ডেস্ক, 28 মেঃদেশৰ সকলো ধৰ্ম-জাতি নিৰ্বিশেষে দুটাতকৈ অধিক সন্তান জন্ম দিলে তৃতীয় সন্তানে সকলো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱাকৈ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল যোগগুৰু বাব ৰামদেৱে ৷ হৰিদ্বাৰত সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত যোগগুৰুগৰাকীয়ে বৰ্ধিত জনসংখ্যাৰ সৈতে মোকাবিলা কৰিবলৈ দুটা সন্তানতকৈ অধিক সন্তানৰ জন্ম হ'লে তৃতীয় সন্তানক ভোটদানৰ অধিকাৰকে ধৰি কোনো ধৰণৰ চৰকাৰী সা-সুবিধা প্ৰদান নকৰিবলৈ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল ৷ এই নিয়ম সকলো ধৰ্মৰ ক্ষেত্ৰতে প্ৰযোজ্য হোৱা উচিত বুলিও যোগগুৰু গৰাকীয়ে লগতে উল্লেখ কৰি তেতিয়াহে দুটা সন্তান জন্ম দিয়াৰ যি চৰকাৰী নিয়ম সেয়া প্ৰকৃতাৰ্থত সাৰ্থক হ'ব বুলি কৈছিল ৷

অথহঃ বাবা ৰামদেৱ বাৰ্তাঃ সমৰ্থনত বিজেপি সাংসদ গিৰিৰাজ সিং

এই নিয়ম সকলো ধৰ্মৰ ক্ষেত্ৰতে প্ৰযোজ্য হোৱা উচিত বুলিও যোগগুৰু গৰাকীয়ে লগতে উল্লেখ কৰি তেতিয়াহে দুটা সন্তান জন্ম দিয়াৰ যি চৰকাৰী নিয়ম সেয়া প্ৰকৃতাৰ্থত সাৰ্থক হ'ব বুলি কৈছিল ৷

অধিক পঢ়কঃ তৃতীয় সন্তানক সকলো সা-সুবিধাৰ পৰা বঞ্চিত কৰা উচিতঃ বাবা ৰামদেৱ

শেহতীয়াকৈ যোগগুৰু বাবা ৰামদেৱৰ এই উদ্ভট-অদ্ভুট যুক্তিৰ সমৰ্থনত নামি পৰিছে এগৰাকী জ্যেষ্ঠ বিজেপি সাংসদ ৷ বিহাৰৰ বেগুচৰাই সমষ্টিৰ সাংসদ গিৰিৰাজ সিঙে ৰামদেৱৰ সমৰ্থনত মতপ্ৰকাশ কৰিছে ৷ জনসংখ্যা নীতিক লাইম লাইট প্ৰদান কৰাৰ বাবে বাবা ৰামদেৱক ধন্যবাদ জ্ঞাপন কৰে এইগৰাকী বিজেপি সাংসদে ৷ বিজেপি চৰকাৰে সকলো দলৰ লগত আলোচনাৰ অন্তত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় আহি পৰিছে বুলি কয় সিঙে ৷

ABOUT THE AUTHOR

...view details