কেইবা সপ্তাহৰ পৰাই কমল নাথ নেতৃত্বাধীন মধ্য প্ৰদেশৰ কংগ্ৰেছৰ চৰকাৰখন আভ্যন্তৰীণ সংঘাতৰ সন্মুখীন হৈ আহিছে। দিল্লীৰ ওচৰৰ গুৰগাঁৱৰ এখন হোটেলত তেওঁৰ ১৪ জন বিধায়কক যেতিয়া লৈ যোৱা হৈছিল তেতিয়া তেওঁ প্ৰথমটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । কিন্তু শেহতীয়াভাৱে যি ঘটিছে তাৰ ফলত মধ্য প্ৰদেশৰ কংগ্ৰেছৰ চৰকাৰৰ পতন ঘটাব পাৰে যদিহে কমল নাথে ভূপালত শাৰদ পাৱাৰৰ দৰে নকৰে ।
সংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে কমল নাথৰ ভাগ্য সংকটত । কিয়নো ২০১৮ চনৰ ডিচেম্বৰত কংগ্ৰেছে যেতিয়া মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল তেতিয়া মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা জ্যোতিৰাদিত্য সিন্দিয়াই ২২ গৰাকী বিধায়কসহ দলটো ত্যাগ কৰিছে । ২০৬ জনীয়া বিধানসভাত কংগ্ৰেছৰ বৰ্তমান ৯৯ জন বিধায়ক আছে আৰু তেওঁলোকক লাগে মুঠ ১০৪ জন । কমল নাথে তেওঁৰ চৰকাৰ ৰক্ষা কৰাৰ সম্ভাৱনা দেখিছে আৰু বিজেপিৰ দৰেই তেওঁৰ বিধায়কসকলক এখন ৰিজ'ৰ্টত ৰাখি থৈছে । যেতিয়া বিধানসভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰতিপন্নৰ যুঁজ চলে তাত কোটি কোটি টকাৰ ধন আৰু শক্তি বিধায়কসকলৰ ৰাজনৈতিক আনুগত্য সলনি কৰাৰ বাবে তেওঁলোকক প্ৰলোভিত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব । অসংখ্য ধন আৰু অবৈধ উপায় ব্যৱহাৰ কৰি হতাশাজনক ৰাজনৈতিক অনৈতিকতাৰ এক কাহিনী ৰচা হ'ব যাতে চৰকাৰ গঠন বা পতন কৰিব পাৰে। পূৰ্বতে কোনো হস্তক্ষেপ নকৰা নীতিত বিশ্বাসী বুলি এক ভাৱমূৰ্তি প্ৰমাণ কৰা বিজেপিয়ে চৰকাৰ পতন কৰাত গভীৰভাৱে নিমজ্জিত আৰু জড়িত থকাই নহয়, বিধানসভা নিৰ্বাচনত কেইবাখনো ৰাজ্য হেৰুওৱাৰ পাছত ৰাজ্যসভাত অধিক সাংসদ জয়ী কৰাবলৈ বিধায়কৰ যথেষ্ট সমৰ্থন লাভ আদায়ৰ ক্ষেত্ৰতো কৌশলত সফল হৈছে । ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে বিজেপি উদ্বাউল হৈ আছে । ধন আৰু আন দেখা-অদেখা সম্পদেৰে বিজেপিয়ে ঝাড়খণ্ড,ৰাজস্থান আৰু মহাৰাষ্ট্ৰত বিৰোধী দলৰ চৰকাৰসমূহক দুৰ্বল কৰাৰ ভাবুকি দি আছে । এই প্ৰচেষ্টাত দলটো কিমান সফল হয় সেয়া হ'ব লক্ষ্যণীয় । চৰকাৰ পতন ঘটোৱাৰ বাবে যে টকাই মূল বিষয় সেয়া কংগ্রেছলৈ প্ৰত্যাৱৰ্তন কৰা মধ্য প্ৰদেশৰ এগৰাকী বিধায়কৰ স্বীকাৰোক্তিয়ে প্ৰমাণ কৰে । তেওঁ প্ৰকাশ কৰা অনুসৰি তেওঁক ২৫ কোটিৰ অফাৰ দিয়া হৈছিল । আন এগৰাকীয়ে দাবী কৰা অনুসৰি তেওঁক ১০০ কোটি টকা দিয়া হৈছিল । অৰ্থনীতিৰ দুৰ্বল অৱস্থাৰ মাজত এই ধৰণৰ দাম-দৰে উদ্বেগৰ সৃষ্টি কৰে ।
নিৰ্বাচনত জয়ী হ'বলৈ বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা বিধায়কসকলৰ বাবে টকাই মূল আকৰ্ষণ যদিও ইয়াৰে বহুতৰে অসন্তুষ্টি এয়ে যে যুৱ নেতাসকলক কংগ্ৰেছ দলে তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষা পূৰণৰ পৰ্যাপ্ত সুযোগ দিয়া নাই । ৰাহুল গান্ধীৰ সমৰ্থক আৰু বন্ধু জ্যোতিৰাদিত্য সিন্দিয়াই ৰাজ্যিক পৰ্যায়ত দলটোত ভাল ভূমিকা এটা আশা কৰিছিল যদিও কমল নাথআৰু দিগ্বিজয় সিঙৰ যুটীয়া নেতৃত্বই তেওঁক যিকোনো গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ পৰা বিৰত থাকে । বহু প্ৰশ্নৰ সৃষ্টি কৰি কিছু মাহ পূৰ্বে তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা তেওঁ কংগ্ৰেছৰ সৈতে থকা সম্পৰ্কৰ কথা নোহোৱা কৰে । কিন্তু তেওঁৰ পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে স্পষ্টতা নাছিল । অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ বিষয়টোত কংগ্ৰেছ দলৰ স্থিতিক সিন্দিয়াই সমালোচনা কৰাৰ বিপৰীতে শেহতীয়াকৈ দিল্লীৰ হিংসাত্মক ঘটনাত ক্ষোভ প্ৰকাশ কৰি বিজেপি চৰকাৰক সমাজখনত ভাগ ভাগ সৃষ্টি কৰাৰ বাবেও সমালোচনা কৰিছিল ।
তেওঁৰ আদর্শগত স্থিতি বাস্তৱিক ৰাজনীতি আৰু সুবিধাবাদৰ ওপৰতে বেছিকৈ প্ৰতিষ্ঠিত যেন অনুমান হয় । সিন্দিয়াৰ আইতাক বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক আছিল আৰু আন দুগৰাকী পৰিয়ালৰ সদস্যই দলটোৰ জ্যেষ্ঠ আসনত আছে । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত তেওঁ ৰাজ্যসভাত প্ৰৱেশ কৰাৰ বাবে চেষ্টা চলাই আছিল । বিজেপিৰ এগৰাকী সাধাৰণ পৰ্যায়ৰ প্ৰাৰ্থীৰ হাতত সিন্দিয়াই এক লাখ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল । বিজেপি প্ৰাৰ্থীগৰাকীয়ে গোৱালিয়ৰ ৰাজপ্ৰাসাদৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাইছিল । এই পৰাজয়ে নিশ্চয় তেওঁক অধিক চিন্তিত কৰি তুলিছিল। তেওঁ তিনিবাৰকৈ প্ৰতিদ্বন্দিতা কৰা গুণা সমষ্টিটো আৰু নিৰাপদ হৈ থকা নাই আৰু ২০১৯ চনৰ নিৰ্বাচনৰ ফলাফলৰ পুনৰাবৃত্তি ৰোধ কৰাৰ প্ৰয়োজনীয়তা তেওঁ উপলব্ধি কৰিছিল । বিজেপিত যোগদান কৰাৰ পিচত তেওঁৰ দুৰ্গ অক্ষত ৰখাত সহায় কৰিব ।
হাত সাবটি বহি নথকা কমল নাথে কেইজনমান বিধায়কক ওভোতাই আনিবলৈ সক্ষম হৈছে । সিন্দিয়াই সৃষ্টি কৰা হেঁচাত তেওঁ সেও মানিবলৈ অস্বীকাৰ কৰিছিল আৰু গোৱালিয়ৰ ৰাজ পৰিয়ালৰ সদস্যগৰাকীৰ সলনি প্ৰিয়ংকা গান্ধীক ৰাজ্যসভাৰ আসন দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল । গোৱালিয়ৰ ভৱন বা মহাৰাজৰ প্ৰতি কাহানিও ভাল ভাৱ নেদেখুওৱা দিগ্বিজয় সিঙে কমল নাথক সমৰ্থন কৰি আহিছে ।
সিন্দিয়াৰ কংগ্ৰেছ ত্যাগে দলটোক মোক্ষম আঘাত দিব