অসম

assam

নেল্লোৰৰ ৰাসায়নিক গোদামত অগ্নিকাণ্ড, আতংকিত ৰাইজ

By

Published : May 11, 2020, 2:14 PM IST

নেল্লোৰৰ ৰাসায়নিক গোদামত অগ্নিকাণ্ড ৷ ততাতৈয়াকৈ উপস্থিত অগ্নিনিৰ্বাপক বাহিনী ৷ বিশাখাপট্টনমৰ ষ্টাইৰিন গেছ নিৰ্গমন ঘটনাৰ কিছুদিন পাচতে দেওবাৰে নিশা সংঘটিত এই ঘটনা ৷ আতংকিত স্থানীয় লোক ৷

আতংকিত ৰাইজ
নেল্লোৰৰ ৰাসায়নিক গোদামত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, 11 মে' : বিশাখাপট্টনমত ষ্টাইৰিন গেছ নিৰ্গমন ঘটনাৰ কিছুদিন পাচতে অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰত দেওবাৰে নিশা এক ৰাসায়নিত গোদামত অগ্নিকাণ্ড সংঘটিত হৈছে ৷ ইয়াৰ ফলত ওচৰ-চুবুৰীয়া ৰাইজ আতংকিত হৈ পৰে ৷ তথ্য অনুসৰি, বৈদ্যুতিক ট্ৰান্সফৰ্মাৰৰ বিস্ফোৰণ হোৱাৰ ফলত এই ঘটনা সংঘটিত হয় ৷

কিছু ঘন্টাৰ পাচতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে ৷ এই গোদামত হাইড্ৰ'জেন পেৰোক্সাইড সংৰক্ষণ কৰি ৰখাৰ ফলত অগ্নিসংযোগে সকলোকে চিন্তিত কৰি তুলিছিল ৷ ঘটনাৰ পাচতে স্থানীয় লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয় ৷ আনহাতে, ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী অনিল কুমাৰ যাদৱ ৷ বৰ্তমান পৰ্যন্ত জুই নিয়ন্ত্ৰনাধীন হোৱা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ভিজাগ পলিমাৰ প্লান্টত ষ্টাইৰিন গেছ নিৰ্গমনৰ ফলত প্ৰায় পাঁচ কিল'মিটাৰ পৰ্যন্ত স্থানীয় লোক আক্ৰান্ত হৈছিল ৷ ইয়াৰ ফলত 12 জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছিল বহুসংখ্যক লোক ৷ শ্বাস-প্ৰশ্বাসত কষ্ট আৰু অন্যান্য সমস্যাত ভুগিছিল এই লোকসকল ৷ উল্লেখ্য যে, মৃত লোকসকলৰ ভিতৰত এজন শিশুও আছিল আৰু আক্ৰান্ত লোকসকলক উদ্ধাৰৰ বাবে যোৱা আৰক্ষী জোৱানো গেছ নিৰ্গমনৰ ফলত আক্ৰান্ত হৈছিল ৷

ABOUT THE AUTHOR

...view details