নিউজ ডেস্ক, ৬ জানুৱাৰী: ভাৰতৰ নিৰ্বাচনী আয়োগে বুধবাৰে অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ এখন আসন আৰু বিহাৰ বিধানসভাৰ দুটা খালী হৈ থকা পদৰ উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে । ইয়াৰোপৰি উত্তৰ প্ৰদেশ বিধানসভাৰ 12 খন আসনৰ বাবে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে আয়োগে ।
28 জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আৰু সেইদিনাখনেই ফলাফলো ঘোষণা কৰা হ'ব । 2021ৰ 30 জানুৱাৰীত তিনিওখন ৰাজ্যৰে এইসমূহ বিধানসভাৰ বিধায়কৰ কাৰ্যকালৰ অন্ত পৰিব । খালী হৈ থকা পদৰ বাবে 11 জানুৱাৰীত অধিসূচনা জাৰি কৰা হ'ব । ইফালে 18 জানুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে । 21 জানুৱাৰীলৈ মনোনয়ন পত্ৰ উঠাই ল'ব পাৰিব প্ৰাৰ্থীসকলে ।