কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰিলে হ'ব 7 বছৰৰ সশ্ৰম কাৰাদণ্ড
দেশত সম্প্ৰতিক বৃদ্ধি পোৱা চিকিৎসক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰস্তুত হ'ব আইন,7 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে থাকিব জামিনবিহীন গোচৰ
চিকিৎসক আক্ৰমণকাৰীৰ হ'ব 7 বছৰৰ সশ্ৰম কাৰাদণ্ড
নতুন দিল্লী,30 জুলাইঃ দেশত সম্প্ৰতিক বৃদ্ধি পোৱা চিকিৎসক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ তথা প্ৰশাসন ৷ ভাৰতীয় চিকিৎসক সন্থাৰ সাধাৰণ সম্পাদক ডাঃ আৰ.ভি অশোকানে জানিবলৈ দিয়া মতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়লৈ ইতিমধ্যেই আইনৰ খচৰা প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ এই খচৰাৰ অধীনত 22 খন আইন থাকিব ৷ ইয়াৰোপৰি চিকিৎসক আক্ৰমণকাৰীৰ বিৰুদ্ধে জামিনবিহীন গোচৰৰ লগতে থাকিব 7 বছৰৰ সশ্ৰম কাৰাদণ্ড ৷ অতি শীঘ্ৰে এই আইন প্ৰস্তুত কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ ৷