অসম

assam

তেলেংগানাত বৃদ্ধি পায়েই আছে COVID-19 আক্ৰান্ত, 47 জন বৃদ্ধি

By

Published : May 15, 2020, 11:13 AM IST

কৰ'ণা ভাইৰাছ সংক্ৰমণ নিয়ন্ত্ৰণৰ কোনো নামেই লোৱা নাই তেলেংগানাত । দৈনিক বৃদ্ধি পায়েই আছে আক্ৰান্তৰ সংখ্যা । নতুনকৈ 47 জন লোক আক্ৰান্ত হৈছে আৰু আক্ৰান্তৰ সংখ্যা 1,414 লৈ বৃদ্ধি পাইছে ।

তেলেংগানাত বৃদ্ধি পায়েই আছে COVID-19 আক্ৰান্ত, 47 জন বৃদ্ধি
তেলেংগানাত বৃদ্ধি পায়েই আছে COVID-19 আক্ৰান্ত, 47 জন বৃদ্ধি

নিউজ ডেস্ক, 15 মে': ৰাজ্য চৰকাৰে অৱগত কৰা অনুসৰি বৃহস্পতিবাৰে তেলেংগানাত নতুনকৈ 47 জন COVID-19 আক্ৰান্ত লোক চিনাক্ত হৈছে । ইয়াৰ ফলত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 1,414 হৈছে ।

এই 47 জনৰ 40 জন লোকেই আক্ৰান্ত হৈছে গ্ৰেটাৰ হায়দৰাবাদত । আনহাতে 5 জন আক্ৰান্ত হৈছে ৰাংগা ৰেড্ডীত আৰু দুজন প্ৰৱজকো আছি নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত । অৱশ্যে বৃহস্পতিবাৰে কোনো লোকৰ মৃত্যু হোৱা নাই আৰু ইয়াৰ সংখ্যা 34 ত সীমিত হৈ আছে । ইপিনে আৰোগ্য হৈছে 13 জন লোক । বৰ্তমান ৰাজ্যখনত আৰোগ্যৰ সংখ্যা 952 আৰু এক্টিভ কেছৰ সংখ্যা 428 ।

ABOUT THE AUTHOR

...view details