নেশ্যনেল ডেস্ক, 17 জুলাই:COVID-19ৰ পৰা অব্যাহতি লাভ কৰা এগৰাকী কংগ্ৰেছ নেতাই অন্য আক্ৰান্ত ৰোগী সকলক ৰক্ষাৰ্থে প্লাজমা দান কৰিবলৈ এটা প্লাজমা দান সমিতি আৰম্ভ কৰে ৷
বৃহস্পতিবাৰে এই সমিতি আৰম্ভ কৰাৰ লগতে তেওঁ আৰু অন্যান্য কৰ্মকৰ্তা সকলে তেলেংগানাৰ স্বাস্থ্যমন্ত্ৰী ই ৰাজেন্দৰৰ সৈতে সাক্ষাৎ কৰে আৰু তেলেংগানাত প্লাজমা দানৰ বাবে নিৰ্দেশিকা তৈয়াৰ কৰিবলৈ অনুৰোধ কৰে ৷ এই বিষয়ে এক বিজ্ঞপ্তিযোগে উল্লেখ কৰিছে,তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ গুদুৰ নাৰায়ণ ৰেড্ডীয়ে ৷