অসম

assam

ETV Bharat / bharat

গুহাৰ ভিতৰত লুকাই থকা অৱস্থাত তামিলনাডুত উদ্ধাৰ চীনা নাগৰিক

সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে চীনৰ এগৰাকী নাগৰিকক আৰক্ষীয়ে উদ্ধাৰ কৰিছে । তামিলনাাডুৰ আন্নামলাই গুহাৰ ভিতৰত লুকাই থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ৩৫ বছৰীয়া চীনা নাগৰিকজনক ।

By

Published : Apr 18, 2020, 12:37 PM IST

তামিলনাডুত উদ্ধাৰ চীনা নাগৰিক
তামিলনাডুত উদ্ধাৰ চীনা নাগৰিক

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ তামিলনাডুৰ তিৰুভান্নামলাইৰ এটা গুহাৰ ভিতৰত লুকাই থকা অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী চীনা নাগৰিকক । তামিলনাডুৰ আৰক্ষীয়ে লোকজনক গুহাটোৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় । গুহাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা লোকজন চীনৰ য়াং ৰুই বুলি জানিব পৰা গৈছে আৰু তেওঁ বিগত ২০ জানুৱাৰীত আৰুলমিগু অৰুণাচলেশ্বৰাৰ মন্দিৰত পূজা কৰিবলৈ তামিলনাডুলৈ আহিছিল ।

তামিলনাডুত উদ্ধাৰ চীনা নাগৰিক

ব্যক্তিগৰাকীয়ে ভাৰতত থকাৰ সময়তে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত স্থানীয় লোকসকলে তেওঁক আশ্ৰয় প্ৰদান কৰিবলৈ অমান্তি হয় যাৰ বাবে এইদৰে গুহাৰ ভিতৰতে আশ্ৰয় গ্ৰহণ কৰে ব্যক্তিগৰাকীয়ে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে ব্যক্তিগৰাকীৰ বিষয়ে তথ্য লাভ কৰি তেওঁৰ সন্ধান আৰম্ভ কৰে আৰু অৱশেষত ১৭ এপ্ৰিলত গুহাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ব্যক্তিগৰাকীৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি পোৱা নাই বুলি তামিলনাডুৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ।

জিলা উপায়ুক্ত কেএছ কান্দাস্বামীয়ে এই বিষয়ে সংবাদমাধ্যমক অৱগত কৰায় আৰু বৰ্তমানে চীনৰ ব্যক্তিগৰাকীক জিলা প্ৰশাসনৰ তৰফৰ পৰা থকা-খোৱাৰ সকলো ব্যৱস্থা কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে । বৰ্তমানে তেওঁক তামিলনাডুৰ ৰমনা মহৰ্ষি ৰংগাম্মল চিকিৎসালয়ত আছুতীয়াকৈ নিৰীক্ষণত ৰখা হৈছে বুলি জিলা উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়কঃকোভিড-১৯ : আমেৰিকান নেভীৰ পিছত ইণ্ডিয়ান নেভীত কৰ'ণাৰ আক্ৰমণ

ABOUT THE AUTHOR

...view details