নিউজ ডেস্ক,14 মাৰ্চ: ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতক প্ৰতাৰণা চীনৰ৷ চতুৰ্থবাৰলৈ জইছ-ই-মহম্মদৰ প্ৰধান ও দুধৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ৰূপে ঘোষণা কৰাত হেঙাৰ হৈ থিয় দিলে চীনে৷
মাছুদ আজহাৰ সন্ত্ৰাসবাদী নহয় : চীন
ৰাষ্ট্ৰসংঘৰ মজিয়াত মাছুদ আজহাৰক ৰক্ষণাবেক্ষণ চীনৰ
পুলৱামা কাণ্ডৰ পাচতেই মাৰ্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু ইংলেণ্ডে (P-৩ ৰাষ্ট্ৰ) ৰাষ্ট্ৰসভাৰ নিৰাপত্তা পৰিষদত দাখিল কৰিছিল জইছ-ই-মহম্মদৰ মাষ্টাৰমাইণ্ড মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ বাবে প্ৰস্তাৱ৷ কিন্তু বুধবাৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত P-৩ ৰাষ্ট্ৰসমূহৰ প্ৰস্তাৱক গৃহীত হোৱাত বাধা দিয়ে চীনে৷
ইয়াৰ পূৰ্বেও 2009 চনত ভাৰতে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল প্ৰস্তাৱ । 2016 চনত ভাৰতে P-৩ দেশসমূহৰ সৈতে লগ লাগি মাছুদ আজহাৰৰ বিৰুদ্ধে দাখিল কৰিছিল আবেদন । 2017 চনত ৰাষ্ট্ৰসংঘত মজিয়াত আজহাৰৰ বিৰুদ্ধে পুনৰবাৰ ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল আবেদন । কিন্তু প্ৰত্যেকবাৰেই মাছুদ আজহাৰক সমৰ্থন কৰি আহিছে চীনে৷ চীনৰ এই কাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰিছে P-৩ দেশসমূহৰ লগতে খোদ ভাৰত তথা ভাৰতৰ সমৰ্থনত থকা 10 খন ৰাষ্ট্ৰই৷