অসম

assam

By

Published : Jun 16, 2020, 11:19 PM IST

ETV Bharat / bharat

ভাৰতীয় সেনাৰ বিৰুদ্ধে প্ৰৰোচনামূলক আক্ৰমণৰ অভিযোগ চীনৰ

বেইজিঙে নতুন দিল্লীক অভিযোগ কৰি ভাৰতীয় সেনাই সীমান্তত প্ৰৰোচনামূলকভাৱে আক্ৰমণ কৰা বুলি উল্লেখ কৰে । ভাৰতীয় সেনাই দুবাৰকৈ সীমান্ত উলংঘা কৰি ভিতৰত প্ৰৱেশ কৰে, যাৰ ফলত দুয়ো দেশৰ সেনাৰ মাজত শাৰিৰীক হতা-হতিৰ দৰে ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰে ।

ভাৰতীয় সেনাৰ বিৰুদ্ধে প্ৰৰোচনামূলক আক্ৰমণৰ অভিযোগ চীনৰ
ভাৰতীয় সেনাৰ বিৰুদ্ধে প্ৰৰোচনামূলক আক্ৰমণৰ অভিযোগ চীনৰ

নিউজ ডেস্ক, 16 জুনঃ চীনে চলিত কূটনৈতিক বৈঠকত উল্লেখ কৰে যে, ভাৰতে চীনা সীমান্তত প্ৰৰোচনা মূলকভাৱে চীনৰ সৈন্যক আক্ৰমণ কৰে । আনহাতে দুয়োপক্ষৰ উমৈহতীয়া সহমত চুক্তি গুৰুত্বপূৰ্ণভাৱে ভংগ কৰে । যাৰ ফলত হতা-হতিৰ সৃষ্টি হয় ।

চীনা বিদেশ মন্ত্ৰণালৰ এগৰাকী মুখপাত্ৰই এক সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰে এই অভিযোগ ।

প্ৰৰোচনামূলক আক্ৰমণৰ অভিযোগ চীনৰ

ভাৰতবৰ্ষৰ বিৰুদ্ধে এই অভিযোগ তুলি দেশখনে প্ৰতিবাদ কৰিব বুলিও উল্লেখ কৰে । আনহাতে ভাৰতীয় সেনাক ভৱিষ্যতে সীমান্ত অতিক্ৰম নকৰিবলৈয়ো কয় ।

ABOUT THE AUTHOR

...view details