অসম

assam

ETV Bharat / bharat

বিহাৰৰ মেগা পুল প্ৰকল্প সেঁতুৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ কেন্দ্ৰৰ

বিহাৰত গংগা নদীত আৰম্ভ কৰা এক মেগা পুল প্ৰকল্প মহাত্মা গান্ধী সেঁতুৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে । কাৰণ এই প্ৰকল্পত চীনা কোম্পানীও জড়িত হৈ আছে ।

বিহাৰৰ মেগা পুল প্ৰকল্প সেঁতুৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ কেন্দ্ৰৰ
বিহাৰৰ মেগা পুল প্ৰকল্প সেঁতুৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ কেন্দ্ৰৰ

By

Published : Jun 29, 2020, 4:55 PM IST

নেশ্য়নেল ডেস্ক, ২৯ জুন : কেন্দ্ৰীয় চৰকাৰে বিহাৰত গংগা নদীত আৰম্ভ কৰা এক মেগা পুল প্ৰকল্পৰ টেণ্ডাৰ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে, কিয়নো এই প্ৰকল্পত চীনা কোম্পানীও জড়িত হৈ আছে । চৰকাৰী বিষয়ববীয়াই দেওবাৰে সদৰী কৰে এই কথা ।

বিহাৰৰ গড়কাপ্তানী মন্ত্ৰী নন্দ কিশোৰ যাদৱে কয় যে, ‘’৭ জন ঠিকাদাৰে আবেদন দাখিল কৰিছিল, য'ত তিনিজনক অযোগ্য ঘোষণা কৰা হয় । বাকী ৪ জনৰ দুজন ঠিকাদাৰে চীনা কোম্পানীক সহযোগী হিচাপে ৰাখিছিল । তেওঁলোকক অংশীদাৰিত্ব সলনি কৰিবলৈ কোৱা হৈছিল যদিও তেওঁলোকে নোৱাৰিলে । সেইবাবে তেওঁলোকৰ টেণ্ডাৰ স্থগিত ৰখা হয় ।''

বিহাৰৰ মেগা পুল প্ৰকল্প সেঁতুৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ কেন্দ্ৰৰ

গড়কাপ্তানী মন্ত্ৰী যাদৱে জানিবলৈ দিয়ে যে, ‘’পুল নিৰ্মাণৰ উদ্দেশ্য হৈছে ভাৰত বিশ্বজুৰি নিজৰ স্থিতিত অংশীদাৰিত্ব বজাই ৰাখিবলৈ সাজু । ৩০ জুন পৰ্যন্ত পুলৰ টেণ্ডাৰ অন্য এজেন্সীক প্ৰদান কৰা হ'ব । ৫.৬ কিলোমিটাৰ দৈৰ্ঘৰ সেঁতু, অন্যান্য সৰু সৰু সেঁতু, ভিতৰুৱা পাছ আৰু ৰেলৱে অভাৰব্ৰীজসহ সম্পূৰ্ণ প্ৰকল্পৰ ব্যয়ৰ পৰিমাণ ২,৯০০ কোটি টকা ।''

২০১৯ চনৰ ১৬ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক দিশ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সমিতিয়ে এই প্ৰকল্প নিৰ্মাণত সন্মতি প্ৰদান কৰিছিল । এই সেঁতুখন মহাত্মা গান্ধী সেঁতু নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, যিখন সেঁতুই পাটনা, চাৰণ আৰু বৈশালী জিলাৰ সোকসকলক চলাচলত সহায় কৰিব ।

লগতে পঢ়ক : "মই উশাহ লব পৰা নাই দেউতা" কৰ'ণা ৰোগীয়ে দেউতাকলৈ প্ৰেৰণ কৰা শেষ ভিডিঅ'

ABOUT THE AUTHOR

...view details