অসম

assam

দিল্লীত CAAৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদঃ প্ৰতিবাদকাৰীয়ে জ্বলালে বাছ

By

Published : Dec 16, 2019, 9:34 AM IST

Updated : Dec 16, 2019, 12:37 PM IST

4 জন অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিয়ন্ত্ৰণ কৰে যদিও এখন অগ্নিনিৰ্বাপক বাহন সম্পূৰ্ণৰূপে জুইত ভষ্মীভূত হয় আৰু দুজন অগ্নিনিৰ্বাপক বাহিনীৰ লোক প্ৰতিবাদকাৰীৰ হিংসাত্মক প্ৰতিবাদৰ ফলত আহত হয় ৷ লগতে এই প্ৰতিবাদত 35 জন প্ৰতিবাদকাৰী আহত হয় আৰু 11 জন প্ৰতিবাদকাৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

35 injured protesters rushed to hospita
দিল্লীত চি(এ)এৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক , 16 ডিচেম্বৰঃদেওবাৰে দক্ষিণ-পূব দিল্লীৰ নিউ ফ্ৰেণ্ডচ কলনিত সংশোধীত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীয়ে এখন ডিটিচি বাচ আৰু এখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন জ্বলাই দিয়ে ৷ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষত দুজন অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু এজন আৰক্ষীৰ লোক আহত হয় ৷

দিল্লীত উত্তাল প্ৰতিবাদ

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া এগৰাকীয়ে জনোৱা অনুসৰি 4 জন অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিয়ন্ত্ৰণ কৰে যদিও এখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সম্পূৰ্ণৰূপে ভষ্মীভূত হয় আৰু দুজন অগ্নিনিৰ্বাপক বাহিনীৰ লোক প্ৰতিবাদকাৰীৰ হিংসাত্মক প্ৰতিবাদত আহত হয় ৷ ইপিনে কংগ্ৰেছ অনুমোদিত জাতীয় ছাত্ৰ ইউনিয়ন ভাৰতৰ জাতীয় সচিব চাইমন ফাৰুকীৰ অভিযোগ অনুসৰি প্ৰতিবাদকাৰী সকল শান্তিপূৰ্ণভাৱে মথুৰা ৰোডত বহি আছিল আৰু তেনে সময়তে একাংশ আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা দিবলৈ চেষ্টা কৰে ৷

দিল্লীত উত্তাল প্ৰতিবাদ

আনহাতে জামিয়া মিলিয়া ইছলামিয়া ছাত্ৰ সংগঠনৰ সদস্যই কোৱা অনুসৰি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ কোনো ধৰণৰ হিংসাত্মক কাৰ্যৰ আশ্ৰয় লোৱা নাছিল ৷ তেওঁলোকৰ অভিযোগ অনুসৰি স্থানীয় লোক কেইজনমানে তেওঁলোকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰতিবাদ ব্যাহত কৰিছিল ৷ ইয়াৰ পাচতে প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাত তেওঁলোকে বিশ্ববিদ্যালয় চৌহদলৈ উভতি আহে আৰু বিশ্ববিদ্যালয়ৰ চৌহদতে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰে বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷ প্ৰতিবাদকাৰী সকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকাৰ সময়ত আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠিচাৰ্জ কৰে বুলিও একাংশ প্ৰতিবাদকাৰীয়ে জানিবলৈ দিয়ে ৷

নাজমা আখতাৰ, জামিয়া মিলীয়া ইছলামীয়াৰ উপাচাৰ্য

ইপিনে ছাত্ৰ এগৰাকীৰ অভিযোগ অনুসৰি আৰক্ষীয়ে তেওঁলোকৰ ওপৰত বল প্ৰয়োগ কৰাৰ পাচতহে একাংশ প্ৰতিবাদকাৰীয়ে বাচত অগ্নিসংযোগ কৰে আৰু প্ৰতিবাদে হিংসাত্মক ৰূপ লয় ৷ উল্লেখ্য যে, এই প্ৰতিবাদৰ ফলত 35 জন প্ৰতিবাদকাৰী আহত হয় আৰু 11 জন প্ৰতিবাদকাৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

জামিয়া মিলীয়া ইছলামীয়াৰ ছাত্ৰ এগৰাকীয়ে কৰা লাইভ ভিডিঅ'

লগতে পঢ়ক - হায়দৰাবাদতো ধ্বনিত হ’ল CA(A) বিৰোধী শ্ল’গানঃ শ-শ অসমীয়াৰ তীব্ৰ প্ৰতিবাদ

Last Updated : Dec 16, 2019, 12:37 PM IST

ABOUT THE AUTHOR

...view details