নিউজ ডেস্ক, 28 অক্টোবৰ :2 কোটিৰো অধিক ভোটাৰে বিহাৰত আজি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 71টা বিধানসভা সমষ্টিত 1,066 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ৷ নিৰ্বাচন আয়োগ আৰু স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট কোভিড-19 নীতি-নিয়মৰ মাজেৰেই শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ ভোটদান আৰম্ভ হৈছে ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত পূৰ্বৰ 1,600 ভোটাৰৰ পৰিৱৰ্তে 1,000 গৰাকী ভোটাৰক ভোটদান কৰিবলৈ অধিকাৰ দিয়া হৈছে ৷ 80 বৰ্ষৰ ঊৰ্ধৰ ব্যক্তিসকলক পোষ্টেল বেলটৰ দ্বাৰাই ভোটদান কৰিবলৈ সুবিধা প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহ ছেনিটাইজ কৰাৰ লগতে পোলিং বিষয়া আৰু ভোটাৰসকলৰ থাৰ্মেল স্ক্ৰীণিং কৰাৰ উপৰিও ছেনিটাইজাৰ আৰু মাস্ক বাধ্যতামুলক কৰি দিয়া হৈছে ৷
প্ৰথম পৰ্যায়ত ভোটদান কৰিবলগীয়া 2.14 কোটি ভোটাৰৰ 1.01 কোটি ভোটাৰ মহিলা হোৱাৰ লগতে 599 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ৷ আনহাতে প্ৰাৰ্থীসকলৰ ভিতৰত 952গৰাকী পুৰুষ আৰু 114 গৰাকী মহিলা প্ৰাৰ্থী আছে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত জেডি(ইউ)য়ে 35খন আসনত প্ৰতিদ্বন্দিতা কৰিছে, বিজেপিয়ে 29খনত আৰু আৰজেডিয়ে 42খন আৰু কংগ্ৰেছে 20খন আসনত, লোক জনশক্তি পাৰ্টীয়ে 41খনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম হৈছে কমনৱেলথ গেমছত সোণৰ পদক বিজয়ী শ্ৰেয়সী সিং, যিয়ে বিজেপিৰ হৈ জামুই বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে ৷ শ্ৰেয়সীয়ে আৰজেডিৰ বৰ্তমানৰ বিধায়ক বিজয় প্ৰকাশ যাদৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ আনহাতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা দিব্যা প্ৰকাশে তেওঁৰ পিতৃৰ সমষ্টি তাৰাপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷