বিহাৰ, 6 আগষ্ট : বিহাৰৰ বান প্ৰভাৱাম্বিত দাৰভাংগা, ছাহাৰচা আৰু খাগৰিয়াৰ বুধবাৰে তিনিটা পৃথক নাওঁ দুৰ্ঘটনাত প্ৰায় 15 জন লোক নিহত হোৱাৰ লগতে 10 জনকৈ লোক সন্ধানহীন হৈ আছে ৷ এন ডি আৰ এফ বাহিনীয়ে অভিযান চলাই তিনিগৰাকী মহিলা আৰু দুটা শিশুসহ 15 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আনহাতে সন্ধানহীন লোকসকলৰ উদ্ধাৰৰ বাবে এন ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে ৷
বিহাৰত নাও দুৰ্ঘটনাত নিহত 15,সন্ধানহীন 10 জন
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে টুইটযোগে এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে নিহত লোকৰ নিকটাত্মীয়লৈ 4 লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ ঘোষণা কৰে ৷
বিহাৰত নাও দুৰ্ঘটনাত নিহত 15, সন্ধানহীন 10 জন
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰৱল বতাহৰ বাবে নাওঁকেইখনে নিয়ন্ত্ৰণ হেৰুৱাই পানীত উভতি পৰে ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে টুইটযোগে এই ঘটনাত শোক প্ৰকাশ কৰে ৷ তেওঁ নিহত লোকৰ নিকটাত্মীয়লৈ 4 লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ ঘোষণা কৰাৰ লগতে জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷
লগতে পঢ়ক : বিকাশ ডুবে ঘটনাৰ প্ৰতিবেদন দাখিলৰ সময়সীমা অতিৰিক্ত চাৰি সপ্তাহলৈ বৃদ্ধি