নিউজ ডেস্ক, 30 জুন :চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ দোহাই দি দেশত নিষিদ্ধ ঘোষণা কৰা 59 টা চাইনীজ এপক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ দুগৰাকী অধিবক্তাই, এই বিষয়ত কোম্পানীসমূহে চৰকাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ'ব পাৰিব আৰু এইক্ষেত্ৰত তেওঁলোকৰ সকলো অধিকাৰ আছে বুলি মন্তব্য কৰিছে ৷
যোৱাকালি কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে 59 টা চাইনীজ এপ, যাৰ ভিতৰত টিকটক, শ্বেয়াৰইট, ইউচি ব্ৰাউজাৰ, ইউচি নিউজ আদিসমূহক দেশৰ সুৰক্ষা, নিৰাপত্তা, প্ৰতিৰক্ষা আৰু দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি কৈ নিষিদ্ধ ঘোষণা কৰিছিল ৷
এই অধিনিয়ম আইনগতভাৱে বৈধ নে ?
ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত উচ্চতম ন্য়ায়ালয়ৰ অধিবক্তা আদিত্য পাৰোলিয়া আৰু মিনাক্ষী আৰোৰাই কয় যে, চৰকাৰে ৰাজহুৱা সুৰক্ষা নীতিৰ আধাৰত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু এইসমূহ এপ ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি বুলি ঘোষণা কৰাৰ পূৰ্বে চৰকাৰে কোনো আইনী সহায় লোৱাৰ প্ৰয়োজন নাই, যিটো চৰকাৰে দাবী কৰিব পাৰে ৷
পাৰোলিয়াই প্ৰকাশ কৰা মতে, যদিহে কোনো এপ ৰাষ্ট্ৰীয় সুৰক্ষা, ৰাজহুৱা নীতি আৰু আইনৰ কিছু নীতি ভংগ কৰা বুলি পোৱা যায়, তেতিয়া তাক চৰকাৰে তৎকালীনভাৱে নিষিদ্ধ অথবা বন্ধ ঘোষণা কৰিব পাৰে ৷
কিছুবছৰ পূৰ্বে চৰকাৰে বন্ধ কৰা পৰ্ণোগ্ৰাফিক চাইটসমূহৰ উদাহৰণ দি পুৰোলিয়াই এই কথা উল্লেখ কৰে ৷ যদিহে এই এপসমূহে চৰকাৰী নীতি, গোপনীয় আৰু গুৰুত্বপূৰ্ণ তথ্যৰ সৈতে খেলা কৰিছে আৰু তাৰ বাস্তৱিক উদাহৰণ আছে ৷ চৰকাৰে সেয়েহে এইসমূহ এপ বন্ধ কৰিছে ৷