নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ : বুধবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 95 সংখ্যক জন্ম জয়ন্তী উপলক্ষে প্ৰতিবছৰৰ দৰে এইবছৰো পালন কৰা হৈছে সু-শাসন দিৱস (Good Governance Day) ৷ উল্লেখ্য যে, প্ৰতিবছৰে বাজপেয়ীৰ জন্মদিনত এই দিৱস পালন কৰা হয় ৷ 2014 চনত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ পাচতে বাজপেয়ীৰ জন্মদিনক সু-শাসন দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷
অটল বিহাৰী বাজপেয়ীৰ 95 সংখ্যক জন্ম জয়ন্তী বুধবাৰে দিল্লীস্থিত বাজপেয়ীৰ সমাধিস্থলত উপস্থিত হৈ জন্ম জয়ন্তী উপলক্ষ্যে সমাধিস্থলত পুষ্পাঞ্জলী অৰ্পন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বহু বিশিষ্ট ব্যক্তিয়ে ৷ এই অনুষ্ঠানতে উপস্থিত হৈ গীত পৰিৱেশন কৰে গজল সম্ৰাট খ্যাত অনুপ জলোটাই ৷
তেওঁৰ জন্মদিনতে 8.8 কি. মি. দৈঘ্যৰ মানালী আৰু সংযোগী ৰোহটাং পাছৰ সুৰংগটো বাজপেয়ীৰ নামেৰে নামকৰণ কৰা হ'ব ৷ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আয়োজন কৰা কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বুধবাৰে তেওঁৰ জন্মদিনৰ শুভক্ষণতে সুৰংগটোৰ নামকৰণ কৰা হ'ব বুলি চৰকাৰী তথ্যই প্ৰকাশ কৰিছে ৷
ইয়াৰোপৰি,বাজপেয়ীৰ জন্মদিনতে লক্ষ্ণৌত প্ৰধানমন্ত্ৰী মোডীয়ে উদঘাটন কৰিব বাজপেয়ীৰ এটা ব্ৰঞ্জৰ মূৰ্তি ৷ এই দিনটোৰ সৈতে সংগতি ৰাখি 23 ডিচেম্বৰৰ পৰা লক্ষ্ণৌত অনুষ্ঠিত কৰা হৈছে তিনিদিনীয়া সাংস্কৃতিক কাৰ্যসূচী ৷ বুধবাৰে মোডীয়ে অনুষ্ঠানত উপস্থিত হোৱাৰ লগতে লোক ভৱনত বাজপেয়ীৰ মূৰ্তি উদঘাটন কৰিব ৷
আৰু পঢ়ক : CAAৰ বিৰুদ্ধে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ অভিনৱ প্ৰতিবাদ