জীৱনটো কেৱল অন্ন, বস্ত্ৰ আৰু বাসস্থানতে সীমাবদ্ধ নহয়ঃ এম ভেংকয়া নাইডু
নাইডুৱে কয় "সংস্কৃতি হৈছে এখন ৰাজ্যৰ, এখন সমাজৰ লগতে এটা জাতিৰ মানুহৰ আয়ুস ৰেখা ৷ ভাৰতৰ বহু পুৰণি সভ্যতা আছে ৷
নিউজ ডেস্ক, 14 মেঃ ইণ্ডিয়ান কাউন্সিল অৱ চ'চিয়েল চাইন্স ৰিচাৰ্চৰ স্বৰ্ণ জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু ৷ অনুষ্ঠানত উপস্থিত থাকিক নাইডুৱে কয় "সংস্কৃতি হৈছে এখন ৰাজ্যৰ,এখন সমাজৰ লগতে মানুহৰ আয়ুস ৰেখা ৷ এই দেশখনৰ বহু পুৰণি সভ্যতা আছে ৷ জীৱনটো কেৱল অন্ন,বস্ত্ৰ আৰু বাসস্থানতে সীমাবদ্ধ নহয় ৷ জীৱনটো নৃত্য,গীত,কলা,সাহিত্য,সংস্কৃতিৰে ভৰপূৰ ৷ সেয়ে মই সাৰ্বজনীন ক্ষেত্ৰসমূহৰ পৰা বাহিৰ ওলাই বিভিন্ন সংস্থাসমূহ পৰিদৰ্শন কৰিবলৈ লৈছো ৷ লগতে এইখন যিহেতু কৃষিভিত্তিক দেশ সেয়ে মই কৃষক সমাজৰ মাজলৈ গৈ তেওঁলোকৰ মতামতো লোৱাৰ চেষ্টা কৰিছো ৷