অসম

assam

ETV Bharat / bharat

অনুচ্ছেদ 370ক লৈ কংগ্ৰেছৰ সংসদীয় বৈঠক

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ সিদ্ধান্ত আৰু জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক, 2019ক লৈ ইউ পি এ সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত দলটোৰ সাংসদসকলৰ এক বৈঠক অনুষ্ঠিত হ'ব ৷

ইউ পি এ সভানেত্ৰী ছোনিয়া গান্ধী

By

Published : Aug 6, 2019, 10:10 AM IST

নিউজ ডেস্ক, 6 আগষ্টঃ জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক 2019 আৰু অনুচ্ছেদ 370 প্ৰত্যাহাৰক লৈ বিৰোধী দল কংগ্ৰেছে মঙলবাৰে এক আলোচনাত মিলিত হ'ব ৷ ছোনিয়া গান্ধীৰ নেতৃত্বত দলটোৰ সকলো সাংসদৰ উপস্থিতিত দিনৰ 10:30 বজাৰ পৰা আৰম্ভ হ'ব এই বৈঠক ৷ কংগ্ৰেছ কৰ্মী কমিতিৰ আহ্বানত এই সভা আহ্বান কৰিছে দলটোৱে ৷

সভাত জম্মু-কাশ্মীৰক লৈ বিতং আলোচনাৰ লগতে দলটোৰ পৰৱৰ্তী ৰণনীতি কি হ'ব সেই সম্বন্ধে আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে যদিহে সংসদৰ কাৰ্যাৱলী বৃদ্ধি পায় তেতিয়াহ'লে সভাখন বুধবাৰলৈকে স্থগিত ৰাখিব পাৰে বুলি প্ৰকাশ কৰিছে দলটোৱে ৷

ABOUT THE AUTHOR

...view details