নিউজ ডেস্ক, 26 ডিচেম্বৰ: জনসাধাৰণক হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বাবে উচটনি প্ৰদান কৰা নেতাসকলে তেওঁলোকক কেতিয়াও নেতৃত্ব দিব নোৱাৰে৷ নেতাসকলে জনতাক বিপথে পৰিচালিত কৰাটো উচিত নহয় ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সেনা প্ৰধান বিপিন ৰাৱটে প্ৰদান কৰে এই মন্তব্য ৷
এখন ৰাষ্ট্ৰত জনসাধাৰণৰ ক্ষমতাক সন্মান কৰা আৰু বুজি পোৱা এজন নেতাৰহে তেওঁলোকক নেতৃত্ব দিয়াৰ অধিকাৰ আছে ৷ এই বুলি বিপিন ৰাৱটৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে এআইএমআইএমৰ মুখ্য আছাদুদ্দিন অ'ৱেছিয়ে ৷ লগতে কংগ্ৰেছ নেতা দিগ্বিজয় সিঙেও বিপিন ৰাৱটৰ এই মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷
জনতাক বিপথে পৰিচালিত কৰা নেতাই তেওঁলোকক নেতৃত্ব দিব নোৱাৰে:বিপিন ৰাৱট "জেনেৰেল ৰাৱটে কয় যে যিসকলে জনসাধাৰণক হিংসাৰ দিশলৈ ঠেলি দিয়ে সেইসকলে কেতিয়াও তেওঁলোকক নেতৃত্ব দিব নোৱাৰে ৷ জেনেৰেল চাহাবৰ এই কথাত মই একমত ৷ আপুনি মোৰ কথাত একমত নে?" বুলি সেনা প্ৰধান গৰাকীক প্ৰশ্ন কৰে আছাদুদ্দিন অ'ৱেছিয়ে ৷
দেশৰ বিভিন্ন স্থানত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ লগতে বহু স্থানত বিষেশকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত হিংসাত্মক ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷
আৰু পঢ়ক: আলীগড় মুছলিম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ : 12 শ ছাত্ৰ আটক