অসম

assam

দিল্লীৰ ৰাজ্যপাল,মুখ্য মন্ত্ৰীৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ

By

Published : Jun 13, 2020, 6:51 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে দেওবাৰে এক বৈঠকত মিলিত হৈ দিল্লীৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যখনৰ কৰ'ণা ভাইৰাছ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিব ।

মুখ্য মন্ত্ৰীৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ
মুখ্য মন্ত্ৰীৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ

নিউজ ডেস্ক, 13 জুনঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল আৰু ৰাজ্যপাল অনিল বাইজালৰ সৈতে দেওবাৰে এক বৈঠকত মিলিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন । এই বৈঠকত দিল্লীত কৰ'ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে আলোচনা কৰা হ'ব ।

গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এটা টুইটৰ পৰা জানিব পৰা গৈছে এই কথা । দিল্লীত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । ৰাজ্যখনত বৰ্তমান 36,000 লোক আক্ৰান্ত হোৱাৰ লগতে 1200 লোকৰ মৃত্যু হৈছে ।

ইয়াৰ পূৰ্বে বুধবাৰে কেজৰিয়ালে অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজধানী চহৰখনৰ পৰিস্থিতিৰ কথা অৱগত কৰিছিল। তাৰ পাচত গৃহ মন্ত্ৰীয়ে ৰাজ্যখনক পূৰ্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি সংবাদ মাধ্যমৰ আগত তেওঁ জানিবলৈ দিছিল ।

লগতে চাওকঃ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে স্থাপন কৰিলে বজাৰ গৃহ

ABOUT THE AUTHOR

...view details