নিউজ ডেস্ক, ৫ মাৰ্চঃ ৰাষ্ট্ৰীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ ক্ৰু সদস্যসকলে প্ৰতিবাৰে বিমান উৰণ ঘোষণা কৰাৰ পাচত 'জয় হিন্দ' কোৱাতো বাধ্যতামূলক। কোম্পানীটোৱে সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই নিৰ্দেশ।
এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীয়ে 'জয় হিন্দ' কোৱাটো বাধ্যতামূলক
২০১৬ বৰ্ষত এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অশ্বিনী লাহোনীয়ে পাইলটসকলক প্ৰদান কৰিছিল এই নিৰ্দেশ । বিভাগীয় সূত্ৰ অনুসৰি, দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰীসকলক পুনৰ এই কথা সোঁৱৰাই দিয়া হৈছে।
এয়াৰ ইণ্ডিয়াৰ অপাৰেশন ডাইৰেক্টৰ (Operation Director) অমিতাভ সিঙে জাৰি কৰা পৰামৰ্শ অনুসৰি, সকলো ক্ৰু সদস্যই প্ৰতিবাৰ ঘোষণাৰ অন্তত পূৰ্ণ উৎসাহেৰে 'জয় হিন্দ' ক'ব লাগিব । ইয়াৰ পূৰ্বে ২০১৬ বৰ্ষত এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অশ্বিনী লাহোনীয়ে পাইলটসকলক প্ৰদান কৰিছিল এই নিৰ্দেশ । বিভাগীয় সূত্ৰ অনুসৰি, দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰীসকলক পুনৰ এই কথা সোঁৱৰাই দিয়া হৈছে।
২০১৬ বৰ্ষৰ মে'ত অশ্বিনী লাহোনীয়ে বিমানৰ কেপ্তেইনসকলক ভ্ৰমণৰ সময়ত যাত্ৰীৰ লগত সংযুক্ত হোৱাৰ লগতে 'জয় হিন্দ' বুলি ক’বলৈ অনুৰোধ জনাইছিল। লগতে, বিমানৰ যাত্ৰীসকলৰ সৈতে হাঁহি মুখেৰে বিনম্ৰভাৱে কথা-বাৰ্তা কৰিবলৈ কৈছিল। লগতে কেবিন ক্ৰুসকলক যাত্ৰীয়ে বিমানত উঠা আৰু নমাৰ সময়ত নমস্কাৰ অথবা ধন্যবাদ কোৱাতো বাধ্যতামূলক কৰিছিল।