অসম

assam

ETV Bharat / bharat

কৃষকৰ‌ পাছত শ্ৰমিক সকলৰ প্ৰতি অন্যায় কৰিছে চৰকাৰেঃ ৰাহুল গান্ধী - মোদী চৰকাৰ

ৰাহুল গান্ধীয়ে সংসদত পাছ হোৱা শ্ৰম শুধৰণিৰ সৈতে জড়িত তিনিখন বিধেয়কক লৈ বৃহস্পতিবাৰে কেন্দ্ৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল‌য়। লগতে কৃষকসকলৰ পাছতে এইবাৰ শ্ৰমিক সকলৰ লগত চৰকাৰে অন্যায় কৰা‌ বুলি অভিযোগ উত্থাপন কৰে ।

Rahul Gandhi says against labour bill
শ্ৰমিক সকলৰ প্ৰতি অন্যায় কৰিছে চৰকাৰেঃ ৰাহুল গান্ধী

By

Published : Sep 24, 2020, 6:31 PM IST

নিউজ ডেস্ক, ২৪ চেপ্টেম্বৰ: কংগ্ৰেছ পূৰ্বৰ অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধীয়ে ধাৰাবাহিক ভাৱে সামাজিক মাধ্যমত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি অহা পৰিলক্ষিত হৈছে । ৰাহুল গান্ধীয়ে সংসদত পাছ হোৱা শ্ৰম শুধৰণিৰ সৈতে জড়িত তিনিখন বিধেয়কক লৈ বৃহস্পতিবাৰে কেন্দ্ৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল‌য় আৰু কৃষক সকলৰ পাছতে এইবাৰ শ্ৰমিকসকলৰ লগত চৰকাৰে অন্যায় কৰা‌ বুলি অভিযোগ উত্থাপন কৰে।

শ্ৰমিক সকলৰ প্ৰতি অন্যায় কৰিছে চৰকাৰেঃ ৰাহুল গান্ধী

আনহাতে কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধী বাড্ৰায়ো চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ এই কঠিন সময়ত সকলো শ্ৰমিকৰ জীৱিকাৰ সুৰক্ষা দিয়াৰ বিপৰীতে শ্ৰমিক সকলক কামৰ পৰা অব্যাহতি দিয়াৰ প্ৰক্ৰিয়াক সহজ কৰি দিয়া‌ বুলি অভিযোগ উত্থাপন কৰে ।

চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰিয়ংকা গান্ধী বাড্ৰাই

উল্লেখ্য যে, ৰাজ্যসভাৰ মজিয়াত বুধবাৰে জীৱিকা সুৰক্ষা, স্বাস্থ্য আৰু কাৰ্যদশা সংহিতা ২০২০, ঔদ্যোগিক সম্বন্ধ সংহিতা ২০২০ ক মঞ্জুৰি প্ৰদান কৰে । যাৰ দ্বাৰা কোম্পানী সমূহ বন্ধ কৰাৰ ক্ষেত্ৰৰ বাধা সমূহ দূৰ হোৱাৰ লগতে সৰ্বাধিক ৩০০ কৰ্মচাৰী থকা কোম্পানী সমৃহে চৰকাৰৰ অনুমতি অবিহনে কৰ্মচাৰী সকলক অব্যাহতি দিব পাৰিব । লোকসভাই এই বিল মঙলবাৰে পাছ কৰিছিল । এতিয়া‌ ইয়াক ৰাষ্ট্ৰপতিৰ পৰা মঞ্জুৰী লাভৰ বাবে প্ৰেৰণ কৰা হ'ব ।

লগতে পঢ়ক: হোটেল ভাৰ্গৱত মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু চিআইডিৰ হাতোৰা

ABOUT THE AUTHOR

...view details