ভুৱনেশ্বৰ, 16 ডিচেম্বৰঃ প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে ভুৱনেশ্বৰ এটা দম্পত্তীয়ে আৰম্ভ কৰিছে এক নতুন যাত্ৰা ৷ পেলনীয়া সামগ্ৰীৰে দম্পত্তীটোৱে গঢ়ি তুলিছে বিভিন্ন ঘৰুৱা সামগ্ৰী ৷ 1990 দশকতে প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে সপোন দেখিছিল দম্পত্তীহালে ৷ তিনিটা দশক ধৰি দম্পত্তীহালে অব্যৱহৃত পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰি আহিছে দৈনন্দিন জীৱনৰ প্ৰয়োজনী সামগ্ৰী ৷
ষাঠিৰ উদ্ধৰ্ৰ চাইবালা দাস আৰু তেঁওৰ স্বামীয়ে দেশৰ সকলোকে বিশেষকৈ যুৱ প্ৰজন্মক এনেধৰণৰ সামগ্ৰী তৈয়াৰ কৰাৰ বিষয়ে প্ৰশিক্ষণ দিব বিচাৰে ৷ "পৰিত্যাগ কৰাতকৈ পুনৰ ব্যৱহাৰ কৰা ৷" সেই মন্ত্ৰৰে এই মহৎ উদ্দেশ্যত আগবাঢ়িছে চাইবালা আৰু তেওঁৰ পৰিয়াল ৷
পৰিত্যাগ কৰাতকৈ পুনৰ ব্যৱহাৰ কৰা - এই মূল মন্ত্ৰৰে আগবঢ়া 69 বছৰীয়া চাইবালাই পেলনীয়া প্লাষ্টিকৰ প্ৰত্যেকটো সামগ্ৰীয়ে পুনৰ ব্যৱহাৰ কৰে , যাৰ প্ৰমাণ তেওঁৰ ঘৰৰ ভিতৰত সকলো ঠাইতে দেখিবলৈ পোৱা যায় ৷ বৰ্তমান পেলনীয়া সামগ্ৰীৰে ম'ৰা পাখি , ফুল , বিভিন্ন গছ গছনি ইত্যাদি প্ৰস্তুত কৰাত এটা দশক জুৰি তেওঁ ব্যস্ত ৷
প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে ভুৱনেশ্বৰৰ এহাল দম্পত্তিৰ ব্যতিক্ৰমী প্ৰচেষ্টা এতিয়া এই ক্ষেত্ৰত চাইবালাক প্ৰয়োজন চৰকাৰৰ যথোপযুক্ত সহায়ৰ ৷ যদি চৰকাৰে তেওঁক সহায় কৰে তেন্তে চাইবালাৰ এই প্ৰচেষ্টা যে বহুল প্ৰসাৰিত হৈ আন দহ জনৰ বাবে যে আদৰ্শ হ'ব তাত কোনো সন্দেহ নাই ৷
লগতে পঢ়ক , প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে ৰাজপথত নামিছে এজন যুৱক