নিউজ ডেস্ক, ১০ জুনঃ জম্মু-কাশ্মীৰৰ অনন্তনাগত বিগত ৭ জুনত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা কংগ্ৰেছৰ এগৰাকী গাঁও মুখিয়াল অজয় পণ্ডিতাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ৮ জুন তথা সোমবাৰে সন্ধিয়া জম্মুত একাংশ লোকে হাতে হাতে মমবাটি লৈ সমদল বাহিৰ কৰে ।
ইয়াৰ লগতে, সোমবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাই অজয় পণ্ডিতাৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ পুত্তলিকা দাহ কৰে ।
জম্মুৰ অনন্তনাগত সন্ত্ৰাসবাদী আক্ৰমণত নিহত গাঁও মুখিয়া ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ অধ্যক্ষ অৰুণ দেব সিঙে কয় যে, পাকিস্তানী সন্ত্ৰাসবাদীয়ে এজন গাঁৱৰ মুখিয়ালক হত্যা কৰিছে । যাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো ।
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ অনন্তনাগৰ লোকৱাবনত কোনো অচিনাক্ত সন্ত্ৰাসবাদীয়ে কংগ্ৰেছৰ এগৰাকী গাঁও মুখিয়ালক গুলীয়াই থৈ যায় । গুলীবৃদ্ধ মুখিয়াল গৰাকীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসা গ্ৰহণৰ কিছু সময়ৰ পাচতে মুখিয়াল জনক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ।