মধ্যপ্ৰদেশ, ৪ মে':মধ্যপ্ৰদেশত কৰ'ণা ভাইৰাছৰ তাণ্ডৱ । ৰাজ্য়খনত নতুনকৈ পোহৰলৈ আহিছে ৪৯ টাকৈ COVID-১৯ৰ আক্ৰান্তৰ ঘটনা । ইয়াৰে উজ্জেইনৰ পৰাই ধৰা পৰিছে ৯ টাকৈ ঘটনা । ৰাজ্যখনত বৰ্তমানলৈকে ২৮৪৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ১৫৬ গৰাকী লোক । দেওবাৰে নতুনকৈ পাঁচজন লোকৰ মৃত্যু হয় । ইয়াৰে তিনিগৰাকী উজ্জেইনৰ নিৱাসীৰ বিপৰীতে দুগৰাকী আছিল ইন্দোৰৰ ।
দেশৰ ভিতৰতেই ইন্দোৰ হৈছে COVID-১৯ৰ হটছপটৰ ভিতৰত অন্যতম । বৰ্তমানলৈ ইন্দোৰত মৃত্যু হৈছে ৭৬ গৰাকী লোকৰ । ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশালৈ ইন্দোৰত নতুনকৈ ২৩ টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আছিল । চহৰখনত আক্ৰান্তৰ সংখ্যা বৰ্তমানে বৃদ্ধি পাইছে ১৫৬৮ জনলৈ ।