অসম

assam

ETV Bharat / bharat

২৪ ঘণ্টাত দেশত আৰোগ্য লাভ কৰিছে ৩,৮০৪ গৰাকী কোভিড ৰোগীয়ে

এইপৰ্যন্ত ভাৰতত ৪৭.৯৯ শতাংশ লোকে কোভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে এই তথ্য।

কোভিড ১৯
3804 covid 19 patients cured in last 24 hours health ministry

By

Published : Jun 4, 2020, 7:14 PM IST

নিউজ ডেস্ক, ৪ জুনঃ বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈ উঠিছে ৩,৮০৪ গৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগী। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰে এই তথ্য।

২৪ ঘণ্টাত দেশত আৰোগ্য লাভ কৰিছে ৩,৮০৪ গৰাকী কোভিড ৰোগীয়ে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈকে দেশত মুঠ ১,০৪,১০৭ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে। এইপৰ্যন্ত আৰোগ্য লাভ কৰা লোক ৪৭.৯৯ শতাংশ বুলি জানিব পৰা গৈছে।

সম্প্ৰতি দেশত কোভিড-১৯ আক্ৰান্ত ১,০৬,৭৩৭ গৰাকী ৰোগীৰ আটাইকেইগৰাকীয়ে চিকিৎসাধীন অৱস্থাত আছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে। বিজ্ঞপ্তিখনত লগতে, এইপৰ্যন্ত দেশত কিমান সংখ্যক লোকৰ কোভিড-১৯ পৰীক্ষা কৰা হ'ল এই সন্দৰ্ভতো উল্লেখ আছে ।

ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাই দেশত চৰকাৰী পৰীক্ষাগাৰ ৪৯৮ টালৈ আৰু বেচৰকাৰী পৰীক্ষাগাৰ ২১২ টালৈ বৃদ্ধি কৰিছে । বিগত ২৪ ঘণ্টাত মুঠ ১,৩৯,৪৮৫ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰিছে। এইপৰ্যন্ত দেশত মুঠ ৪২,৪২,৭১৮ গৰাকী ব্যক্তিৰ নমুনা পৰীক্ষা সম্ভৱ হৈছে বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ সামাজিক দুৰত্বক ভেঙুচালি কৰি বানাক্ৰান্ত ৰাইজৰ খবৰ ল'লে ৰাজনৈতিক নেতাই

ABOUT THE AUTHOR

...view details